সোণাৰি: আধুনিক নাৰ্ছিং ব্যৱস্থাৰ বাটকটীয়া ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা পালন কৰা হৈছে বিশ্ব ধাত্ৰী দিৱস। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধ ক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল।
নাইটিংগেলৰ এই মানৱসেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱসৰ।ক’ভিড ১৯ মহামাৰীৰ মাজতে দেশৰ অন্যান্য ঠাইৰ লগতে সোণাৰিত লেডী নাইটিঙ্গেলৰ জন্মদিন বিশ্ব পৰিচাৰিকা দিৱস হিচাপে পালন কৰা হয়।
দেশত কৰ’ণাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অতি দুৰ্যোগপূৰ্ণ সময়ত সেৱা আগবঢ়ায় অহা সোণাৰি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচাৰিকা সকলে অনুষ্টুপীয়াকৈ পালন কৰে ধাত্ৰী দিৱসৰ কাৰ্যসূচী।
এই উপলক্ষে সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰৰ পৰিচাৰিকা সকলৰ উদ্যোগত আয়োজিত এক চমু অনুষ্ঠানত লেডী নাইটিঙ্গেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়।
আৰু পঢ়ক http://ৰাজ্যৰ নতুন ক’ভিড নিয়মাৱলী; ১বজাৰ পৰা বন্ধ হ’ব দোকান-পোহাৰ