গুৱাহাটী: সমগ্ৰ বিশ্বৰ লগতে বৃহস্পতিবাৰে অসম ফটো সাংবাদিক সন্থায়ো দিনযোৰা কাৰ্যসূচীৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানটোত আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যু বৰন কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত কৰে৷ ডানিছ ছিদ্দিকৰ জীৱনাদৰ্শনাৰ বিষয়ত বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে৷

ওৰেটো জীৱন ফটোৰ সৈতে জড়িত থকা ডানিছে আফগানিস্থানৰ ভয়াবহ পৰিস্থিতিৰ ফটো সংগ্ৰহ কৰিবলৈ গৈ নিজৰ জীৱনকো বলিদান দিলে৷ যিকোনো ভয়াবহ পৰিস্থিতি হ’লে কেৱল ফটো সাংবাদিকে জীৱন নাচাই ওচৰলৈ যাব লাগে৷ ইয়াৰ বাবে বহু সময়ত বহু ফটো সাংবাদিক বিপদৰো সম্মুখীন হৈছে৷ একেটা অনুষ্ঠানতে অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন বিশিষ্ট অতিথি আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই অন্যতম অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ সন্থাৰ সম্পাদক ৰেৱ কুমাৰ বৰাই আদৰনী ভাষণ আৰু উদ্দেশ্য বাখ্যা কৰা সভাখনত আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যু বৰন কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ প্ৰতিছবিত সমুহীয়া শ্ৰদ্ধাঞ্জলী জনোৱা হয়৷

লগতে পঢ়ক : ফাঁচী বজাৰত আৰক্ষীৰ সহযোগত পৌৰ নিগমৰ উচ্ছেদ অভিযান

অনুষ্ঠানতে জ্যেষ্ঠ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক চলিত বৰ্ষৰ ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয়৷ ৰাজীৱ ভট্টাচাৰ্যক ফটো সাংবাদিক সন্থাৰ তৰফৰ পৰা ফুলাম গামোছা, জাপি, মানপত্ৰ আৰু নগদ ১০ হাজাৰ টকা প্ৰদান কৰা হয়৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে৷।অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লৱৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰয়, আছু আৰু অগপৰ প্ৰতিনিধি, অসমীয়া প্ৰতিদিন কাকতৰ অচ্যুত কুমাৰ পাটোৱাৰী, ইউবি ফটোজৰ উৎপল বৰুৱা, অসম ফটো সাংবাদিক সন্থাৰ সভাপতি চিন্ময় ৰয়, উপ আৰক্ষী আয়ুক্ত পল্লব বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply