হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীত বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে দিব্যাংগ সপ্তাহ উদযাপন। জিলাখনৰ ৩২ গৰাকী দিব্যাংগ ব্যক্তিক সহায়ক সঁজুলি বিতৰণ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন আৰু জিলা সৰ্বশিক্ষা মিছনৰ যৌথ উদ্যোগত সাতদিনীয়া কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে দিব্যাংগ সপ্তাহ উদযাপন কৰা হয়। সপ্তাহজোৰা কাৰ্য্যসূচীৰ অন্তত শুকুৰবাৰে বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মহকুমাধিপতি বিক্ৰম ছেত্ৰী উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দুগৰাকী জিলা আঁচনি বিষয়া ক্ৰমে আউলাদ হুছেইন আৰু ৰফিউল আলম আহমেদ, জিলা প্ৰকল্প অভিযন্তা মমিৰ আহমেদ, মানকাচাৰ শিক্ষা খণ্ড বিষয়া আনিচুৰ ৰহমান আৰু জিলা মাধ্যাহ্ন ভোজনৰ আঁচনি বিষয়া আজমল আহমেদ। বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে দিব্যাংগ ব্যক্তি সকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি বঁটা বিতৰণ কৰা হয়।
লগতে পঢ়ক : উত্তৰ-পূব ৰেলৱেৰ মজদুৰ ইউনিয়নৰ মালিগাঁও শাখাৰ ৩৩ সংখ্যক বাৰ্ষিক অধিৱেশন
একেদৰে হাটশিঙিমাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীৰ জৰিয়তে মুঠ ২২ গৰাকী দিব্যাংগ ব্যক্তিক সহায়ক সঁজুলি বিতৰণ কৰা হয়। আনহাতে দক্ষিণ শালমাৰা খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়তো বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰি ৯ গৰাকী দিব্যাংগ ব্যক্তিক সহায়ক সঁজুলি বিতৰণ কৰা হয়। দক্ষিণ শালমাৰাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ শালমাৰা খণ্ড শিক্ষা বিষয়া আব্দুল লতিফ ভূঞা।