নিউজ ডেস্কঃ ভ্ৰমণ আৰু নতুন নতুন ঠাই অন্বেষণ কৰাটো জীৱনৰ এক অন্য মাদকতা। পৰ্যটনক প্ৰশংসা , চিনাক্ত আৰু উদযাপন কৰাটো গুৰুত্বপূৰ্ণ দিশ আৰু সেই উদ্দেশ্যেৰেই প্ৰত্যেক বৰ্ষতে বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।

২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয় আৰু ইয়াৰ লক্ষ্য হৈছে পৰ্যটনৰ তাৎপৰ্য্যৰ বিষয়ে সজাগ কৰা। পৰ্যটন উদ্যোগে  এটা অঞ্চলৰ উন্নয়ন আৰু বৃদ্ধিৰ দিশত অৰিহণা যোগোৱাৰ উপৰিও  স্থানীয় লোক আৰু পৰ্যটকৰ মাজত সাংস্কৃতিক আদান-প্ৰদানকো প্ৰসাৰিত কৰে।

এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে ‘পৰ্যটন পুনৰ চিন্তা কৰা’ আৰু কোভিড মহামাৰীৰ পিছত পৰ্যটন উদ্যোগৰ পুনৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান  কৰা ।

বিশ্ব পৰ্যটন দিৱস উপলক্ষে যদি আপুনি উত্তৰ-পূব ভাৰতত ভ্ৰমণ আৰু অন্বেষণ  কৰিব বিচাৰে আৰু অঞ্চলটোৰ অতুলনীয় সৌন্দৰ্য্যত সময় অতিবাহিত কৰিব বিচাৰে তেন্তে আপুনি চাব পৰা শীৰ্ষ ৫ খন স্থান উল্লেখ কৰা হ’ল:

নাথুলা পাছ, ছিকিম

১৪,৪৫০ ফুট উচ্চতাত থকা  বৰ্তমানৰ এক জনপ্ৰিয় পৰ্যটনস্থলী , নাথুলা পাছ এসময়ত পুৰণি ৰেচম পথৰ অংশ আছিল । দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু নগৰ চহৰৰ হুলস্থুলৰ পৰা আঁতৰি আহি  ,বাৰে মাহে বৰফেৰে ঢাক খাই থকা এই পাহাৰবোৰৰ কাষত শান্তি বিচাৰি পাহাৰ ভালপোৱা লোকসকলে বিশ্ব পৰ্যটন দিৱস উপলক্ষে নাথুলা পাছলৈ আহিব পাৰে।

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সৰ্বাধিক এশিঙীয়া গঁড়ৰ বসতিস্থল । যদি আপুনি বন্যপ্ৰাণীৰে আগুৰি থকা অঞ্চলত থাকিবলৈ ভাল পায়, তেন্তে বিশ্ব পৰ্যটন দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সময় কটাব  পাৰে। প্ৰায় ৪৩০ বৰ্গ কিলোমিটাৰ ভূমিৰে আগুৰা এই ৰাষ্ট্ৰীয় উদ্যানখন আন বহুতো জীৱ-জন্তু আৰু চৰাইৰ প্ৰজনন ক্ষেত্ৰ।

টাৱাং মঠ, অৰুণাচল প্ৰদেশ

টাৱাং মঠ ভাৰতৰ সৰ্ববৃহৎ মঠ আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম মঠ। ইয়াক সোণালী নামগ্যাল লাট্সে বুলিও কোৱা হয় । ই প্ৰায় ১০ হাজাৰ ফুট উচ্চতাত অৱস্থিত। যদি আপুনি নিৰ্জনতাত কিছু নিস্তব্ধ মুহূৰ্ত বিচাৰিছে তেন্তে এই মঠলৈ আহিব পাৰে আৰু লগতে ভগৱান বুদ্ধলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে।

জিৰো উপত্যকা, অৰুণাচল প্ৰদেশ

আকাশলৈ যোৱা পাহাৰেৰে আগুৰি থকা জিৰো উপত্যকাখন আপাতানী জনগোষ্ঠীৰ ভূমি। অৰুণাচলৰ এই উপত্যকা বিভিন্ন ট্ৰেকিং পথৰ বাবে বিখ্যাত, যাৰ বাবে ই দুঃসাহসিক অভিযান বিচৰাসকলৰ বাবে এক জনপ্ৰিয় গন্তব্যস্থান। পাহাৰৰ মনোমোহা দৃশ্যৰ উপৰিও এই উপত্যকাটোৱে পৰ্যটকসকলক স্থানীয় জীৱনশৈলী আৰু জনজাতীয় সংস্কৃতিৰ বিষয়ে এক আভাস প্ৰদান কৰে। যদি আপুনি ট্ৰেকিং আৰু হাইকিং ভাল পায়, তেন্তে জিৰো ভেলীলৈ আহিব পাৰে।

মেঘালয়ৰ মাউলিননং গাঁও

মেঘালয়ত অৱস্থিত মাউলিননং গাঁও ভাৰতৰ  অনন্য গাঁওসমূহৰ ভিতৰত অন্যতম। গাঁওখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে গাঁওখনৰ পৰা দেখা অতি সুন্দৰ দৃশ্যই গাওঁখনক ভাৰতৰ অন্যতন পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

এই গাঁওখনে এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে সুনাম অৰ্জন কৰিছে আৰু ইয়াক ঈশ্বৰৰ নিজৰ বাগিচা বুলিও জনা যায়। অত্যন্ত ধুনীয়া হোৱাৰ উপৰিও গাঁওখনত দুঃসাহসিক অনুৰাগীক আকৰ্ষণ কৰা বিভিন্ন ট্ৰেকিং পথো আছে। এই সকলোবোৰ কাৰকে বিশেষকৈ বিশ্ব পৰ্যটন দিৱস উপলক্ষে মাউলিননং গাঁওখন ভ্ৰমণ কৰিবলগীয়া ঠাই কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply