চানডুবিঃ শনিবাৰে চানডুবি পৰ্যটন কেন্দ্ৰৰ উদ্যোগত জৰামখুৰিয়া গাওঁ প্ৰশাসনৰ সহযোগত প্ৰাক বিশ্ব পৰ্যটন দিৱস উদযাপন। এই অনুষ্ঠনটোৰ সভাপতিত্ব কৰে জিলা পৰ্যটন বিষয়া ডেনি গামে। অনুষ্ঠানটোত কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, অসম পৰ্যটন বিভাগৰ আয়ুক্ত মামণি পাৰম, গ্ৰাম্য পৰ্যটনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত অভিজিৎ গগৈ তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সদস্যসহ আদিকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। অনুষ্ঠানটোত কানাডাৰ পৰা অহা এক দম্পতীয়ো উপস্থিত থাকে ।
স্থানীয় শিল্পীসকলে বিভিন্ন গীত-নৃত্যৰ লগতে ৰাভা পৰম্পৰাগত নৃত্য পৰিৱেশনেৰে অনুষ্ঠানটোৰ শোভা দুগুণে বঢ়াই তুলিছিল। পৰ্যটন বিভাগে প্ৰদৰ্শনী, ধনুৰ্বিদ্যা প্ৰতিযোগিতাৰো আয়োজন কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি উপায়ুক্ত কিৰ্তি জাল্লিয়ে কয়, “মই প্ৰথমবাৰৰ বাবে চানডুবিলৈ আহিছো । মই সঁচাকৈয়ে উপলব্ধি কৰিছো চানডুবি কিমান ধুনীয়া। আমি ঠাইখন সংৰক্ষণ কৰিবলৈ পদক্ষেপ লোৱা উচিত যাতে ইয়াৰ সৌন্দৰ্য বজাই ৰখা হয়। একেসময়তে, আমি চানডুবি অঞ্চলৰ পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিম।”
কানাডাৰ পৰা অহা পৰ্যটক ৰবীন মেকীয়ে কয়, “আমি আমাৰ বিবাহৰ ৪০ বছৰৰো অধিক সময় ধৰি বিশ্ব ভ্ৰমণ কৰিছো। আমি ২৮ খন দেশলৈ বেছিভাগ চাইকেলেৰে ভ্ৰমণ কৰিছো। গভীৰৰ পৰা আমি সকলো অনুভৱ কৰিছো। ভাৰত আমাৰ প্ৰিয় দেশ হৈ পৰিছে। আমি ইয়ালৈ বাৰে বাৰে আহিছো আৰু এইটো আমাৰ ১৫তম ভ্ৰমণ। প্ৰায় দুবছৰ ধৰি লকডাউন থকাৰ পিছত, আমি অসমতে বন্ধ উদযাপন কৰাৰ সিদ্ধান্ত লৈছিলো।”

আনহাতে, জিলা পৰ্যটক তথ্য বিষয়া ডেনি গামে কয়, “আমি সকলোৱে জানো যে ২৭ ছেপ্টেম্বৰৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। এই বৰ্ষত ইণ্ডোনেছিয়াৰ বালিত আনুষ্ঠানিকভাৱে উদযাপন কৰা হ’ব। অৱশ্যে, ২৭ ছেপ্টেম্বৰৰ আগতে অসমৰ সকলো শাখা কাৰ্যালয়ক সৰু সৰু ভাৱে উদযাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। সেয়েহে আমি আজি উদযাপন কৰিলোঁ।”

এই অনুষ্ঠানত লুম্পি গাঁৱৰ লোকসকলেও অংশগ্ৰহণ কৰিছিল।
লাম্পিৰ বিজু চেত্ৰীয়ে কয়, “পৰ্যটন খণ্ডত লাম্পি অঞ্চলতো যথেষ্ট সম্ভাৱনা আৰু সুযোগ আছে। লাম্পি অঞ্চলটোত পৰ্যটনৰ বিকাশ কেনেদৰে কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ ল’বলৈ আমি ইয়ালৈ আহিছো।”