বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বৃহস্পতিবাৰে বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয় ৷ এই উপলক্ষে কাজিৰঙাৰ বৰজুৰিস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কাজিৰঙা ডিচকভাৰী পাৰ্কৰ প্ৰাংগনত আয়োজিত অনুষ্ঠানত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাৰ উপৰিও বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷
অনুষ্ঠানত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী আৰু আমন্ত্ৰিত অতিথি সকলে কাজিৰঙা ডিছক’ভাৰী পাৰ্কত বৃক্ষ ৰোপণ কৰাৰ পিচতেই গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ তত্বাৱধায়ক পশু চিকিৎসক ডা৹ চামচুল আলীয়ে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি বন্যপ্ৰাণী দিৱসৰ তাৎপৰ্য আৰু বন্যপ্ৰাণীৰ গুৰুত্বৰ বিষয়ে সচিত্ৰ উপস্থাপন দাঙি ধৰে৷ কাজিৰঙাৰ বনপাালক তৰুণ গগৈ আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানৰ শেষত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উদ্যান কৰ্তৃপক্ষৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীৰ দলটোৰ জিপচিৰে কাজিৰঙা দৰ্শন কৰোৱা হয় ৷
বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা কাজিৰঙাৰ ভিতৰত গঁড়, হাতী আৰু বিৰল প্ৰজাতিৰ দল হৰিণৰ জাক দেখি আপ্লুত হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা আয়োজিত বিশ্ব প্ৰাণী দিৱসলৈ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাউণ্ডেচন, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ভূমিৰ উপৰিও জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোঁজনাৰ তৰফৰ পৰা সহযোগিতা আগ বঢ়ায়।