নিউজ ডেস্কঃ ”কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী”ৰ স্ৰষ্টা আৰু নাই। চিৰ জীৱনৰ বাবেই স্তব্ধ হৈ পৰিল তেওঁৰ জীৱন।
সোমবাৰে মহানগৰীৰ নেমকেয়াৰ হস্পিতালত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান ঘটে।
যোৱা সোমবাৰৰ পৰা হস্পিতালখনত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য।
দীৰ্ঘদিন ধৰি তেওঁ হাওঁফাওঁৰ সমস্যাত ভুগি আছিল। অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি মৃত্যুৰ শীতল কোলাত ঢলি পৰে ভট্টাচাৰ্য।
১৯৩৪চনত জন্ম হৈছিল হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ। তেওঁৰ পিতৃ আছিল প্রখ্যাত শিক্ষাবিদ দেৱেন্দ্ৰ ভট্টাচাৰ্য।
১৯৫৮চনত তেওঁ ভাৰতীয় আৰক্ষী সেৱালৈ নিৰ্বাচিত হৈছিল। সেই বছৰ ভাৰতীয় আৰক্ষী সেৱালৈ নিৰ্বাচিত হোৱাৰ খবৰ পোৱাৰ পাছতহে তেওঁৰ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ পাইছিল।
বহুকেইখন উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা এইগৰাকী অসমহৈতেষী ইন্দিৰা গান্ধীক প্ৰশ্ন কৰা প্ৰথম গৰাকী অসমীয়া আছিল হিৰণ্য কুমাৰ ভট্টাচাৰ্য।
বাংলাদেশক স্বাধীন কৰা ক্ষেত্ৰত অসমত মুক্তিবাহিনীৰ প্ৰশিক্ষণ দিছিল আৰু তাৰ বাবে ২০১৩ চনত বাংলাদেশ চৰকাৰে প্ৰদান কৰিছিল ‘FRIENDS OF LIBERATION WAR HONOUR বঁটা’।
জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্যই তেওঁ জাতিটোৰ বাবে অসম আৰক্ষীৰ উচ্চ পদয়ো ত্যাগ কৰিছিল।