ৰূপহীহাট : পূৰ্বে ভুল চিকিৎসা প্ৰদান কৰি গ্ৰেপ্তাৰ হোৱা এজন চিকিৎসকৰ বিৰুদ্ধে পুনৰ উত্থাপন হৈছে ভুল চিকিৎসা প্ৰদানৰ ভয়ংকৰ অভিযোগ। কেৱল ধন ঘটা মাধ্যম হিচাপে চিকিৎসা সেৱাক ব্যৱহাৰ কৰাৰ অভিযোগ চিকিৎসকজনৰ বিৰুদ্ধে। নগাঁৱৰ চিকিৎসক ডাঃ ছফিকুল ইছলামৰ বিৰুদ্ধে ভুল চিকিৎসা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালে। দুবৰকৈ অস্ত্ৰোপচাৰ কৰাৰ পিছতো মহিলাৰ পেটত থাকি গ’ল পাথৰ।

ডাঃ ছফিকুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে ৰোগীৰ জীৱক লৈ হেতালী খেলাৰ অভিযোগ। ভুল চিকিৎসা প্ৰদানেৰে ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক ছফিকুল ইছলামৰ বিৰুদ্ধে। এইজন চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ লাওঁখোৱাৰ আব্দুছ ছেলিমৰ পত্নী ইয়াজুন নেহাৰ। চৰকাৰী চাকৰি এৰি নগাঁৱৰ মৰিকলঙত এ জে হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ নামৰ এখন নাৰ্ছিং হোম খুলি চিকিৎসা প্ৰদান কৰা চিকিৎসক ছফিকুল ইছলামৰ কাষ চাপিছিল ইয়াজুন নেহাৰ নামৰ এইগৰাকী মহিলা।

যোৱা ৬ এপ্ৰিলত এ জে হাস্পতালত ভৰ্তি হোৱা মহিলাগৰাকীৰ গল ব্লাডাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ডাঃ ছফিকুল ইছলামে। অস্ত্ৰোপচাৰ সম্পন্ন কৰি মহিলাগৰাকী ঘৰলৈ উভতি যোৱাৰ পিছত পুনৰ পেটৰ বিষত ভোগে মহিলাগৰাকী। পুনৰ চিকিৎসকৰ পৰামৰ্শ মতেই একেখন এ জে হাস্পতালত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক। দ্বিতীয়বাৰৰ বাবেও অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ কেইদিনমান পিছত পুনৰ পেটৰ বিষত ভোগা মহিলাগৰাকী আন এখন লেবেৰটেৰীত পৰীক্ষা কৰাত গল ব্লাডাৰত পাথৰ থকা বুলি নিশ্চিত হয় পৰিয়ালৰ লোক।

লগতে পঢ়ক :  অভাৱনীয় অৰ্থ-সংকটত চহা জীৱনৰ লগত জড়িত শিল্পীসকল

লক্ষাধিক টকা খৰচ কৰি একেটা কাৰণতে দুবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসক ডাঃ ছফিকুল ইছলামৰ এনে কাণ্ডৰ পিছত জাঙুৰ খাই উঠিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোক। ঘটনাৰ তদন্ত আৰু ন্যায় বিচাৰি নগাঁও জিলা উপায়ুক্তক লিখিত আবেদন জনাইছে ভুক্তভোগী পৰিয়াল লোকে। পূৰ্বেও ভুল চিকিৎসা প্ৰদান কৰি গ্ৰেপ্তাৰ হৈছিল ডাঃ ছফিকুল ইছলাম। পুনৰবাৰ এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসা প্ৰদানৰ অভিযোগক লৈ এতিয়া হতচকিত হৈ পৰিছে সচেতন লোক। চিকিৎসকজনৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply