স্বপন নাথ ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ কাষৰীয়া অঞ্চলত সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়, হাতী, ম’হ আদি বন্যপ্ৰাণীয়ে কৃষকৰ খেতি নষ্ট কৰাটো গতানুগতিক কথালৈ পৰিণত হৈছে । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ ঢেকীয়া পতীয়া বাঘে ৰাইজৰ গৰু, ম’হ, ছাগলী, গাহৰি আদি পোহনীয়া জন্তু নিধন কৰি আহিছে ।

 মূৰৰ ঘাম মাটিত পেলাই হাঁড় ভঙা পৰিশ্ৰম কৰি কৃষকে বহু আশাৰে কৰা খেতি বন্যপ্ৰাণীয়ে বছৰ বছৰ ধৰি অনিষ্ট কৰি আহিছে যদিও উদ্যান কৰ্ত্তৃপক্ষৰ পৰা কোনো দিনেই উচিত ক্ষতিপূৰণ পোৱা নাই । বন বিভাগৰ নীতি – নিৰ্দেশনা মতে বন্যপ্ৰাণীয়ে খেতি পথাৰ অনিষ্ট কৰিলে কৃষকক ক্ষতিপূৰণ দিয়াৰ নিয়ম আছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কৃষকে কোনো দিনেই উপযুক্ত ক্ষতিপূৰণ পোৱা নাই ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা লোকে সীমান্ত প্ৰহৰী হিচাপে স্বাৰ্থ হীন ভাৱে দিনে-  নিশাই চোৰাং চিকাৰী ৰোধ কৰাৰ পৰা আৰম্ভ কৰি বন আৰু বন্যপ্ৰাণী সংৰক্ষণত বন বিভাগক সহযোগত আগবঢ়াই আছে । বন্যপ্ৰাণীৰ আক্ৰমণত মাজে মধ্যে কাষৰীয়া ৰাইজ আহত বা নিহতো হব লগা হৈছে ।

তেনে কৰি থকাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা ৰাইজে কোনো বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে বাঘে পোহনীয়া জন্তু নিধন কৰিলে সামান্য ধন পায় যদিও উচিত মূল্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে । উল্লেখ্য পলমকৈ হ’লেও বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এখন গাঁৱত বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি সফল হোৱাৰ কথা জানিব পৰা গৈছে ।

ডাব্লিঅ ডাব্লিঅ এফৰ বিষয়া ত্ৰিদিপ শৰ্মাই জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ কাষৰীয়া বৰজুৰি বস্তি গাঁৱত প্ৰায় চাৰি বছৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰি গোহালি খালী কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ।

উক্ত গাঁৱত ডাব্লিঅ ডাব্লিঅ এফৰ নিজা পৰিকল্পনাৰে ২০১৮ বৰ্ষত  পৰীক্ষামূলক ভাৱে  মজিয়া পকী কৰি ওপৰত টিঙ দি চাৰিওফালে বাহৰ বেৰ দি আৰু গোহালিৰ চাৰিওকাষে লোৰ তাঁৰৰ বেৰ দি ১৩ টা এক কথাত কবলৈ গলে বাঘ প্ৰতিৰোধী গোহালি কৃষকক নিৰ্মাণ কৰি  দিছিল । ইয়াৰ উপৰিও গোহালিৰ পৰা গৰুৰ প্ৰস্ৰাৱ আৰু গোবৰ সংৰক্ষণ কৰি ৰাখিব পৰাৰ ব্যৱস্থাও কৰা হৈছিল ।

যাতে কৃষকে সংৰক্ষণ কৰি ৰখা গৰুৰ প্ৰস্ৰাৱ আৰু গোবৰ ব্যৱহাৰ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰিব পাৰে । উল্লেখ্য স্থানীয় কৃষকে জানিব দিয়া মতে এই বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি  ডাব্লিঅ ডাব্লিঅ এফ সফল হৈছে । কাৰণ এই ধৰণৰ গোহালি নিৰ্মাণ কৰাৰ পিছৰ পৰা গাঁৱখনত বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰিব পৰা নাই বুলিও কৃষকে এই প্ৰতিবেদকক জানিব দিয়ে ।

অন্যহাতে উক্ত গাঁৱত কৃষকে পূৰ্বে কৃত্ৰিম  সাৰ আৰু ঔষধ প্ৰয়োগ কৰি খেতি কৰিছিল যদিও এতিয়া সমবায় ভিত্তিত উক্ত বাঘ প্ৰতিৰোধী গোহালিৰ পৰা সংৰক্ষণ কৰি থোৱা গৰুৰ প্ৰস্ৰাৱ আৰু গোবৰ প্ৰয়োগ কৰি জৈৱিক পদ্ধতিৰে ধান, বিভিন্ন জাতৰ পাচলি আদি খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে এই ক্ষেত্ৰত পানী মেচিন, টৰ্চ লাইট, টঙি ঘৰ আদিৰ যোগান ধৰি ডাব্লিঅ ডাব্লিঅ এফৰ লগতে কৰবেট ফাউণ্ডেশ্যনেও সহযোগ আগবঢ়াইছে বুলি কৃষকে জানিব দিয়ে ।

উল্লেখ্য যে চলিত বৰ্ষত জৈৱিক পদ্ধতিৰে বড়ো ধান আৰু বিভিন্ন পাচলি খেতি কৰি কৃষকে লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হৈছে । অন্যহাতে ডাব্লিঅ ডাব্লিঅ এফৰ বিষয়া ত্ৰিদিপ শৰ্মাই আৰু জানিব দিয়া মতে উক্ত গাঁৱৰ ৰাইজৰ খেতি পথাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকাৰ বাবে খেতি পথাৰ সুৰক্ষা দিবলৈ বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছিল যদিও বন্যপ্ৰাণীৰ কথা চিন্তা কৰি এই পৰিকল্পনাৰ পৰিবৰ্তে বেৰ দিয়াৰ উপৰিও স্থানীয় উন্নত জাতৰ পাচলিৰ বীজৰ যোগান ধৰি  কৃষকক বিশেষকৈ জৈৱিক পদ্ধতিৰে খেতি কৰাত সহযোগ আগবঢ়াব । ইয়াৰ উপৰিও কাষতে থকা ডিফুৰ নদীৰ পৰা পানী যোগান আচঁনিৰে কৃষি পথাৰ জীপাল কৰি এক আদৰ্শ গাঁৱলৈ পৰিণত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে বুলি ডাব্লিঅ ডাব্লিঅ এফৰ বিষয়াই মত প্ৰকাশ কৰে ।

লগতে পঢ়ক কৰিমগঞ্জত আৰক্ষীৰ এনকাউণ্টাৰ নিহত আগ্নেয়াস্ত্ৰ সৰবৰাহকাৰী নুৰুল ইছলাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply