নিউজ ডেস্ক : অসমীয়া সংগীতৰ কিংবদন্তি জয়ন্ত হাজৰিকাৰ জীৱনৰ এক অধ্যায়ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এখন চুটি ছবি অহা ১৬ জুলাইত মুক্তি লাভ কৰিব। প্ৰাঞ্জল গয়াৰীৰ দ্বাৰা পৰিচালিত ‘সুৰ বাহিনী’ নামৰ চুটি ছবিখনত ১৯৭০ দশকৰ শেষৰফালে জয়ন্ত হাজৰিকাৰ নৃতত্বত ‘সুৰ বাহিনী’ সংগীত দলে অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাক তুলি ধৰিব খোজা হৈছে।  

অহা ১৬ জুলাইত ২০ মিনিট দৈৰ্ঘ্যৰ ছবিখন YouTube -ত প্ৰিমিয়াৰ কৰা হ’ব।

পৰিচালক গয়াৰীয়ে কয়, ‘ছবিখন নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে ১৯৭৭ চনৰ প্ৰলয়ংকৰী বানপানীৰ সময়ত বানপীড়িত মানুহৰ সহায়ৰ বাবে জয়ন্ত হাজৰিকাই গ্ৰহণ কৰা ভূমিকাক দাঙি ধৰা আৰু বৰ্তমান সময়ৰ সৈতে থকা ইয়াক প্ৰাসংগিকতাক উত্থাপন কৰা।’

ছবিখনৰ ট্ৰেইলাৰ –

উল্লেখযোগ্য যে ১৯৭০ দশকৰ শেষৰফালে জয়ন্ত হাজৰিকাৰ নৃতত্বত ‘সুৰ বাহিনী’ সংগীত দলে মঞ্চৰ পৰিৱৰ্তে বাটে-পথে গান পৰিৱেশন কৰি বানপীড়িত লোকৰ সাহায্যাৰ্থে ধন সংগ্ৰহ কৰিছিল।

ৰাণা দা হিচাপে জনপ্ৰিয় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকাই মাত্ৰ ৩৪ বছৰীয়া নিজৰ চুটি জীৱনত অসমৰ সংগীতজগতৰ বাবে কেইবাটাও কালজয়ী গীত সৃষ্টি কৰি থৈ গৈছে।

৭০ দশকৰ এছোৱা সময়ক তুলি ছবিখন নিৰ্মাণৰ সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি গয়াৰীয়ে কয়, ‘প্ৰোস্থেটিক (prosthetic) মেক-আপৰ নাটনি, উচ্চ প্ৰশিক্ষিত মেক-আপ আৰ্টিষ্টৰ অভাৱ, জয়ন্ত হাজৰিকা সম্পৰ্কে পৰ্য্যপ্ত তথ্য আৰু ভিডিঅ’ ডকুমেণ্টেশ্যনৰ অভাৱ আদি এই ক্ষেত্ৰত প্ৰধান প্ৰতিবন্ধক হিচাপে থিয় দিছিল।’

ইয়াৰ উপৰি কেমেৰাত ৭০’ৰ দশকৰ এখন ছবি তুলি ধৰাটো যথেষ্ট কষ্টকৰ কাম বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বিভিন্ন দিশত যথেষ্ট গৱেষণা আৰু পৰিশ্ৰম কৰিব লগীয়া হৈছিল বুলি তেওঁ কয়।  

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ; অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ১ কোটি টকাৰ স্কলাৰশ্বিপ

ছবিখনত জয়ন্ত হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছে তৰুণ অভিনেতা কমল লোচনে।

জয়ন্ত হাজৰিকাৰ চৰিত্ৰটোত অভিনয় কৰোতে কেনেধৰণৰ অভিজ্ঞতা আৰু প্ৰত্যাহ্বান লাভ কৰা বুলি প্ৰশ্ন কৰাত তেওঁ কয়, ‘প্ৰতিটো চৰিত্ৰতে প্ৰত্যাহ্বান থাকে, যদিও জয়ন্ত হাজৰিকা এগৰাকী জনপ্ৰিয় ব্যক্তি তেওঁৰ চৰিত্ৰটো মোৰ বাবে যথেষ্ট নতুন আছিল কাৰণ মই সদায় অভিনেতাজন আৰু চৰিত্ৰটোৰ আত্মাক একাত্ম কৰি এটা নতুন চৰিত্ৰ ফুটাই তুলিব বিচাৰো।’

অনন্ত তাছাৰ দ্বাৰা প্ৰযোজিত আৰু ৰাজ দত্তই ৰচিত ছবিখনৰ সংলাপ লিখিছে নীল বৰ্মণে। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে আশুতোষ কাশ্যপে আৰু সম্পাদনা কৰিছে উদ্দীপ্ত কুমাৰ ভট্টচাৰ্য্য আৰু মিলন জ্যোতিয়ে। বেকগ্ৰাউণ্ড মিউজিক তৰালী শৰ্মাৰ। প’ষ্টাৰ ডিজাইন আৰু জি এফ এক্সত আছে ৰামজ্যোতি কৃষ্ণচৰণ।

ছবিখনত অভিনয় কৰা আন কেইগৰাকী শিল্পী হৈছে – প্ৰয়াস শৰ্মা তামুলী, অসীম কৃষ্ণ বৰুৱা, নিৰুপম শইকীয়া, লুচিয়ানা দাস আৰু অচিন্ত ৰাজ কাশ্যপ।

ইংৰাজীত পঢ়ক : Xur Bahini: Music legend Jayanta Hazarika comes to life on screen

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply