প্ৰতিটো বস্তুতেই এতিয়া বিদ্যুৎ প্ৰয়োজন যদিও বিভাগটোৰ এচাম নিষ্কৰ্মা বিষয়া কৰ্মচাৰীৰ বাবে
বছৰি অভাৱনীয় লোকচানৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ শক্তিখণ্ড৷ উৎপাদন বৃদ্ধি দূৰৰে কথা, ক্রয় কৰা বিদ্যুৎ যোগানৰ ক্ষেত্রত চলি আহিছে নানা বেমেজালি । গ্ৰাহকে আজিৰ তাৰিখত বিচৰা মতে ধন পৰিশোধ কৰি আহিছে যদিও সকলো সময়তে বিদ্যুৎ নাপায়, ইয়াৰ ফলত শক্তি খণ্ডৰ ওপৰত ক্রমাৎ যেন আস্থা হেৰুৱাই পেলাইছে সাধাৰণ ৰাইজে৷
শেহতীয়াকৈ বিভাগটোৰ একাংশ বৰমূৰীয়াৰ প্রত্যক্ষ সহযোগত ৰাজ্যত সংঘটিত হৈ থকা বৃহৎ পৰিমাণৰ বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ আহিছে৷ ফলত প্রতিমাহতে শক্তি বিভাগে এশ কোটি টকা লোকচান ভৰিবলগীয়া হৈছে৷ এইবোৰ ঘটনা এইবাৰেই নহয় আগৰে পৰা চলি আহিছে বিভাগটোৰ এনে কাৰ্যকলাপ ।
এনে লোকচান তথা বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই শনিবাৰে ৰাজ্য চৰকাৰে তৎকালে কার্যকৰী হোৱাকৈ বিভাগটোৰ তিনিটা কোম্পানী ক্রমে এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এল অধ্যক্ষৰ দায়িত্বত থকা বিনোদ কুমাৰ পিপাৰছেনিয়াক অপসাৰণ কৰে৷
আনহাতে প্রতিষ্ঠান তিনিটা চলাই নিয়াৰ বাবে সাময়িকভাৱে দায়িত্ব অর্পণ কৰা হৈছে মুখ্য সচিব জিষ্ণু বৰুৱাক৷
মন কৰিবলগীয়া যে শক্তি বিভাগৰ তিনিটা প্রতিষ্ঠান ক্রমে অসম শক্তি বিতৰণ কোম্পানী (এ পি ডি চি এল), অসম শক্তি উৎপাদন কোম্পানী (এ পি জি চি এল) আৰু অসম বিদ্যুৎ গ্রিড কর্প’ৰেচন লিমিটেড (এ ই জি চি এল)ৰ জৰিয়তে চলি থকা বিভাগটোৱে বছৰি লোকচান ভৰিবলগীয়া হৈছে ১,২০০ কোটি টকাৰ৷ বিভাগটোৱে সন্মুখীন হোৱা এনে লোকচানৰ কথা মুকলিকৈ প্রকাশ কৰিছে শক্তিমন্ত্রী বিমল বৰাই৷
মন্ত্রী বৰাই ইয়াকো স্পষ্ট কৰিছিল যে বিভাগটোৰে একাংশ বিষয়া–কর্মচাৰী বিদ্যুৎ চুৰি ঘটনাত জড়িত থকাৰ ফলতেই বিভাগটোৱে সন্মুখীন হৈ আহিছে লোকচানৰ৷ মন কৰিবলগীয়া যে অলপতে মন্ত্রী বৰাই চলোৱা অভিযানত গুৱাহাটীৰ দুটাকৈ প্রতিষ্ঠানৰ বিদ্যুৎ চুৰি ধৰা পেলাবলৈ সক্ষম হৈছিল৷ বৰাগাঁৱৰ মেছার্ছ শিৱ এলয় ষ্টীল প্রাইভেট লিমিটেড আৰু ফটাশিলৰ মেছার্ছ জয়ছোৱাল এলয় প্রাইভেট লিমিটেডে যোৱা ৬ মাহত প্রায় ২,৭০০ মেগাৱাট বিদ্যুৎ চুৰি কৰিছে৷ ইয়াৰ ফলত বিভাগটোৱে আনুমানিক ৭৫ লাখৰ পৰা এক কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷অভিযানৰ অংশস্বৰূপে লখিমপুৰৰ এটা প্ৰতিষ্ঠানে দীৰ্ঘদিনৰপৰা কৰি অহা বিদ্যুৎ চুৰি ধৰা পেলায় আৰু Wood Craft নামৰ প্ৰতিষ্ঠানটোক বিভাগে প্ৰায় ২০ লাখ টকাৰ জৰিমনা বিহে।
ইতিমধ্যে জ্যেষ্ঠ বিষয়া এজনক কামৰ পৰা অব্যাহতি দিয়াৰ লগতে এজনক নিলম্বিত কৰিছে বিদ্যুৎ চুৰিৰ বাবে ।
লগতে পঢ়ক সোণাৰিত ৩০ জুনৰ ভিতৰত ৰেচন কাৰ্ড সমর্পণ কৰিবলৈ জাননী জাৰি উপায়ুক্তৰ