গুৱাহাটীঃ বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ য়েছে দৰজে ঠংচিলৈ চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। ‘মৌন ওঁঠ মুখৰ হৃদয়’ নামৰ উপন্যাসৰ বাবে য়েছে দৰজে ঠংচিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাবিদ্যালয়খনৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত ২৪ ছেপ্টেম্বৰৰ দিনৰ ১২ বজাৰপৰা আৰম্ভ হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মা।

আনহাতে, আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্মদিন উপলক্ষে চলিত বর্ষৰ ২২ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ‘আনন্দৰাম ঢেকিয়াল ফুকন আৰু আধুনিক অসমৰ সপোন’ শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তা হিচাপে অংশ গ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্তই।

উল্লেখ্য যে,২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনে ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ প্ৰদান কৰি আহিছে। এই বঁটা বিগত বৰ্ষসমূহত ক্ৰমে বিশিষ্ট কৃষি বিজ্ঞানী ড° বিদ্যুৎ শৰ্মা(২০১৭), বিশিষ্ট ভাষাবিদ নাহেন্দ্ৰ পাদুন(২০১৮) আৰু ২০১৯ বৰ্ষত মানৱ অধিকাৰ কৰ্মী বিৰুৱালা ৰাভাক আৰু ২০২০বৰ্ষত অসমৰ এগৰাকী খ্যাতনামা অভিনেতা তথা শিল্পী বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হৈছিল।

মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ দিন যোৱা ৭ ছেপ্টেম্বৰ আছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২য় আৰু ৪র্থ ষান্মাসিকৰ পৰীক্ষাসমূহ চলি থকাৰ বাবে অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, বঁটা প্ৰদান, নৱাগত আদৰণি সভাকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply