প্ৰবীণ বৰুৱা, মঙলদৈ: অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান৷ য়েছে দৰজে ঠংছিক ২০২১ বৰ্ষৰ দুম্বেৰ দাই সাহিত্য বঁটা প্ৰদান কৰা হয়৷
বুধবাৰে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংছিক প্ৰদান কৰে এই বঁটা।
উল্লেখ্য যে, ২০০৯ চনৰ পৰাই অসম সাহিত্য সভাই দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে সাহিত্যসূৰ্য্য লুম্বেৰ দাই সাহিত্য বঁটা।
ইতিমধ্যে অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিকক এই লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে অসম সাহিত্য সভাই৷ মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে জিলাখনৰ বহু কেইজন সাহিত্যিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।