নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত আজি পুৱা মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান, আয়ুষ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় “যোগ মহোৎসৱ ২০২৩” । আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱসৰ, ২০২৩ ৰ ৭৫ দিনৰ পূৰ্বৰ যোগ মহোৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠানটোত আয়োজন কৰা হয়।
অনুষ্ঠানটোত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি সকলোকে নিতৌ যোগ অভ্যাস কৰিবলৈ আহ্বান জনাই। লগতে, ভাৰতৰ নেতৃত্বত ২০১৫ চনৰ পৰা অনুষ্ঠিত হৈ থকা আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়ে কয়।

ইফালে, অসম চৰকাৰে ই যোগ মহোৎসৱ আয়োজন কৰাত সহায় কৰাৰ বাবে মন্ত্ৰী সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
আগন্তুক দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসম চৰকাৰ আহ্বান মৰ্মে এটা যোগ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰ্চা চলি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, ত্ৰিপুৰা মুখ্যমন্ত্ৰী মাণিক সাহাই আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত এনে অনুষ্ঠান পতাৰ বাবে সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানটোত প্ৰায় ৬০০০ ৰো অধিক ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, বিষয়ববীয়া আৰু সাধাৰণ জনতাই অনুষ্ঠানতো উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত থকা সকলোৱে প্ৰায় ১ ঘণ্টা সময় জোৰা যোগাসন কৰে।

উল্লেখযোগ্য যে, যোগ মহোৎসৱ অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা বিদেশী ছাত্ৰ-ছাত্ৰী সকলেও উপস্থিত থাকে আৰু তেওঁলোকেও একেলগে যোগসান কৰে।
অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ত্ৰিপুৰা মুখ্যমন্ত্ৰী মাণিক সাহাৰ সৈতে মেগা যোগ মহোৎসৱত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেছটোন তাইনছোংগ, কেন্দ্ৰীয় ৰাজ্যিক আৰু বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰী ড: ৰাজকুমাৰ ৰঞ্জন সিংহ, অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ছৌনা মেইন, পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড: চাপাম ৰঞ্জন সিংহ, অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী আলো লিবাংগ, চিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী এল.বি.দাস,অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কীষণ, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোতেছা, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰা, মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড: মাজেল আমপেৰেণ লিংগদোহ, হাউচফেডৰ পূৰ্বৰ অধ্যক্ষ শ্ৰীযুত ভবেশ কলিতা, ডিব্ৰুগড়ৰ বিধায়ক আৰু এ.আই.ডি.চি.ৰ অধ্যক্ষ মাননীয় শ্ৰীযুত প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা বিশেষ অতিথি হিচাপে উপস্থিত থাকে ।
লগতে পঢ়ক – GMC ৰ স্পষ্টীকৰণঃ কিহৰ বাবে ঢাকি দিয়া হৈছিল মৰা ভৰলু নদীক ট্ৰিপালেৰে