গুৱাহাটী- আমাৰ শৰীৰটোৰ বাবে প্ৰত্যক দিনাই ১-২ টা কণী খোৱাটো খুবেই উপকাৰী। কণীত লুটিন আৰু জিএক্সান্থিন আৰু কলিন নামৰ এন্টিঅক্সিডেন্ট পোৱা যায়,  যিয়ে আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও কণীত কেলচিয়াম, ওমেগা ৩ আৰু ৬ ফেটি এচিড, ভিটামিন ডি, ভিটামিন এ, ভিটামিন বি ১২ আৰু বি ৬, ৰাইব’ফ্লেভিন, চেলেনিয়াম, আইৰণ, ফছফৰাছ, ফ’লেট, প্ৰয়োজনীয় অসংপৃক্ত ফেটি এচিড যেনে লিনোলিক আৰু অলিক এচিড, এমিনো এচিড আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায়।

আপুনিও বনায় খাওক কণীৰ এই বিশেষ আঞ্জা দুখন-

১/ কণী আৰু বাবৰী শাক

উপকৰণ

কণী  ২ টা

বাবৰি শাক  ৪ মুঠি

পিঁয়াজ – ১ টা (মিহিকৈ কুটা)

নিমখ, হালধি, সৰিয়হৰ তেল আন্দাজমতে

প্ৰস্তুতি

প্ৰথমে বাবৰি শাককেইমুঠি ভালকৈ বাছি লৈ চাফাকৈ ধুই মিহিকৈ কুটি ল’ব। জুইত কেৰাহি বহুৱাই গৰম হলে তাত আন্দাজমতে তেল দি লৈ মিহিকৈ কুটা পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপ ৰঙা হৈ আহিলে তাত বাবৰি শাকখিনি দি দিব। নিমখ, হালধি দি শাকখিনি ভালকৈ ভাজিব। আনফালে কণীকেইটা বাটি এটাত লৈ ভালদৰে ফেটি লব। এতিয়া শাকখিনি অলপ সিজিলে তাত কণীখিনি মিহলাই দি ভাজিব। অলু ভাজি নমাই দিব। এনেকৈ কণী দি বাবৰি শাক ৰান্ধি খাই চাবচোন।

২/ কণী আৰু পালেং শাক

উপকৰণ

কণী দুটা,

পালেং শাক চাৰি মুঠি,

নহৰু-আদা বটা এক চাহ চামুচকৈ,

মিহিকৈ কুটি লোৱা পিঁয়াজ দুটা,

নিমখ সোৱাদ অনুসৰি,

কেঁচা জলকীয়া দুটা,

কুটি লোৱা ধনিয়া পাত এমুঠি

প্ৰণালী পালেং পাতখিনি ভালকৈ ধুই অলপ সময় নিমখ পানীত তিয়াই থ’ব। আনফালে কণী দুটা ফেটি ল’ব। কিছুসময় পাছত পানীৰপৰা পালেংখিনি উঠাই মিহিকৈ কুটি ল’ব। কুটি লোৱা পালেংখিনিত কুটা পিঁয়াজ-আদা-নহৰু বটা জলকীয়া কুটা ধনিয়া পাত কুটা,নিমখ দি ভালকৈ সানি ল’ব। তাৰ পাছত তাত কণীখিনি দি ভালকৈ ফেটি লব। এটা অ’ভেনৰ বাতিত সামান্য মাখন লগাই এতিয়া পালেংখিনি দি ফেটি লোৱা কণীখিনি দি সমানকৈ মিলাই অ’ভেনত ১৫০ ডিগ্ৰী চাপত দহ মিনিট সময় বেক কৰিব। গৰমে গৰমে চ’চ বা চাটনিৰ লগত পৰিৱেশন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply