গুৱাহাটী : দেওবাৰে ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। অসমৰ লগতে পাঁচখনকৈ ৰাজ্যত দেওবাৰে অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচনৰ ভোটা গণনা। দেশত ক’ভিড মহামাৰীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে সম্পূৰ্ণ ক’ভিড প্ৰ’টকলৰ মাজত এইবাৰ অনুষ্ঠিত কৰা হয় ভোট গণনা। ২০১৬ চনত পৰিৱৰ্তনৰ শ্ল’গানেৰে অসমত শাসনৰ গাদী দখল কৰা বিজেপিয়ে পুনৰবাৰ জয়ৰ ধাৰা অব্যাহত ৰাখি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ ১২৬ খন বিধানসভা আসনৰ জয়-পৰাজয়ৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে। প্ৰতিটো ৰাজনৈতিক দলৰ কেইবাগৰাকী নতুন মুখে এইবাৰ বিধানসভাৰ মজিয়ালৈ যাবলৈ সক্ষম হৈছে যদিও এগৰাকী বিশেষ নতুন মুখ এতিয়া সকলোতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইগৰাকী নতুন মুখৰ প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছ দলৰ পৰা চাৰিবাৰকৈ নিৰ্বাচিত হৈ বিধানসভাৰ মজিয়ালৈ যোৱা প্ৰাৰ্থী গৰাকীক পৰাস্ত কৰি বিশেষ চৰ্চা লাভ কৰিছে।

বৰপেটা জিলাৰ চেঙা সমষ্টিত এক নতুন অধ্যায়ৰ পাতনি মেলা এইগৰাকী প্ৰাৰ্থী হৈছে মাত্ৰ ২৮ বছৰীয়া আশ্রফুল হুছেইন। চেঙা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা আশ্রফুল হুছেইন হৈছে এইবাৰ বিধানসভাৰ মজিয়ালৈ যোৱা আটাইতকৈ কনিষ্ঠতম প্ৰাৰ্থী। চেঙাৰ পৰা কংগ্ৰেছ দলৰ হৈ চিৰবাৰকৈ নিৰ্বাচিত হোৱা শুকুৰ আলী আহমেদক পৰাস্ত কৰা আশ্রফুল হুছেইন কোন ? আশ্রফুল হুছেইন কেনেকৈ আহিল ৰাজনীতিলৈ ? এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত এতিয়া সকলো।

বৰপেটা জিলাৰ হৰিপুৰ গাঁৱৰ বাসিন্দা জাকিৰ হুছেইনৰ পুত্ৰ আশ্রফুল হুছেইন সমাজ সেৱা বিষয়ত ২০১৯ চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। বিভিন্ন সময়ত বিভিন্ন সমাজ কৰ্মৰ লগত জড়িত থকা আশ্রফুল হুছেইন প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহিছিল মিঞা কবিতাৰ বাবে। মিঞা কবিতা ৰচনাৰ পিছতে বিতৰ্কলৈ সোমাই পৰিছিল আশ্রফুল হুছেইন।

আশ্রফুল হুছেইন অখিল গগৈৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ লগতো জড়িত আছিল। সমাজ কৰ্মৰ জৰিয়তে সদায় ৰাইজৰ কাষত থকা আশ্রফুল হুছেইন পৰৱৰ্তী সময়ত ৰাইজৰ অধিক কাষ চাপিছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি থকা সময়ত। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি থকা সময়ত ৰাইজক সহায় আগবঢ়োৱাৰ লগতে ‘ডি’ ভোটাৰ সমস্যাৰে জৰ্জৰিত হৈ থকা লোক সকলকো বিভিন্ন সময়ত সহায় আগবঢ়াই আহিছিল আশ্রফুল হুছেইন।

ৰাইজৰ মাজত জনপ্ৰিয়তা তথা সমাজ কৰ্মৰ জৰিয়তে ৰাইজৰ কাষত থকা এইগৰাকী আশ্রফুল হুছেইনক এইবাৰ চেঙা সমষ্টিৰ পৰা টিকট প্ৰদান কৰি আশ্রফুল হুছেইনৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলে বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলে। টিকট লাভৰ পিছতে চেঙাবাসী ৰাইজে আশ্ৰফুল হুছেইনক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছিল। আশ্রফুল হুছেইন টিকট লাভ কৰিয়েই চেঙাবাসীৰ নেতা হৈ পৰিছিল যদিও মাজত আছিল মাত্ৰ অনুষ্ঠানিকতা।

দেওবাৰে এই অনুষ্ঠানিকতাৰ সমাপ্তি ঘটাই আশ্রফুল হুছেইনে চেঙা সমষ্টিৰ পৰা বিধানসভালৈ যাত্ৰা আৰম্ভ কৰে। আশ্রফুল হুছেইনে এআইইউডিএফ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি কংগ্ৰেছ দলৰ চাৰিবাৰৰ বিধায়ক শুকুৰ আলী আহমেদক কেৱল পৰাস্তই কৰা নহয় শুকুৰ আলী আহমেদক সমষ্টিটোত তৃতীয় স্থানলৈ ঠেলি পঠিয়াই। আশ্রফুল হুছেইনে অগপৰ প্ৰাৰ্থী গৰাকীক পৰাস্ত কৰি কনিষ্ঠম বিধায়ক হিচাপে নিৰ্বাচিত হয় চেঙাৰ পৰা। আশ্রফুল হুছেইনে ৭৪,১১০ টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে লাভ কৰে ২৩,২০০ টা ভোট। আনহাতে কংগ্ৰেছ দলৰ চাৰিবাৰৰ বিধায়ক শুকুৰ আলী আহমেদ মাত্ৰ ২১,৮১৩ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply