নগাঁও : এইবাৰ ভুৱা ড্ৰাইভিং লাইচেন্স বনোৱা চক্ৰ উৎখাত কৰিলে নগাঁও আৰক্ষীয়ে। ডি টি পি চেণ্টাৰত বনোৱা হৈছিল ভুৱা ড্ৰাইভিং লাইচেন্স। ভুৱা ড্ৰাইভিং লাইচেন্স বনোৱা আশ্রফুল ৰহমানক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে এইবাৰ নগাঁও আৰক্ষীৰ অভিযান চলিল ভুৱা ড্ৰাইভিং লাইচেন্স বনোৱা এটা চক্ৰৰ বিৰুদ্ধে। নগাঁও আৰক্ষীয়ে চলচলীত এটা ডি টি পি চেণ্টাৰত অভিযান চলাই ভুৱা ড্ৰাইভিং লাইচেন্স বনোৱা চক্ৰ উৎখাত কৰে।

লগতে পঢ়ক  :  জুৰীয়াৰ বিভিন্ন অঞ্চলত লাডেনসহ এটা বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ

উল্লেখ্য যে কিছুদিন পূৰ্বে নগাঁও আৰক্ষীয়ে ভুৱা লাইচেন্সসহ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।সেই ভুৱা লাইচেন্সৰ পম খেদি অৱশেষত নগাঁও আৰক্ষীয়ে অভিযান চলাই চলচলীৰ ডি টি পি চেণ্টাৰত অভিযান চলাই ভুৱা ড্ৰাইভিং লাইচেন্স বনোৱা আশ্রফুল ৰহমান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply