বাক্সা : ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটা বড়ো উগ্ৰপন্থী সংগঠন এনএলএফবিৰ নামত অভিনৱ পন্থাৰে ধন সংগ্ৰহ কৰা এজন যুৱক বাক্সা আৰক্ষীৰ জালত পৰিছে৷ বাক্সা জিলাৰ এগৰাকী চৰকাৰী বিষয়াই কিছুদিন পূৰ্বে উগ্ৰপন্থী সংগঠনটোৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে ফোনযোগে ধনদাবী কৰা বুলি মুছলপুৰ সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল৷

উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অৱশেষত ওদালগুৰি জিলাৰ গৰমাগাঁৱৰ বিৰল নাৰ্জাৰী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধৃত বিৰল নাৰ্জাৰীয়ে সন্দেহজনক নথিপত্ৰৰে জেকব বৰগয়াৰীৰ নামত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত এটা বেংক একাউন্ট খুলি লৈ দীৰ্ঘদিন ধৰি কেইবাটাও ম’বাইল নম্বৰ ব্যৱহাৰ কৰি কোকৰাঝাৰ আৰু বাক্সা জিলাৰ বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰীক উগ্ৰপন্থী সংগঠনটোৰ নামত ধনদাবী কৰি উক্ত বেংক একাউন্টত জমা কৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল৷

লগতে পঢ়ক : অধীক্ষক অবিহনে চলি আছে বঙাইগাঁও অসামৰিক চিকিৎসালয়, চিকিৎসকৰ নাটনি

ইতিমধ্যে বেংক একাউন্টটোত মুঠ ২২,৮৮,৩৩৫ টকা জমা হৈছিল আৰু মহানগৰীৰ বশিষ্ঠত থকা বেংকটোৰ শাখাৰ পৰা টকা উলিয়াবলৈ আহোতেই আৰক্ষীৰ জালত পৰে যুৱকজন৷ যুৱকজন প্রকৃততে উগ্ৰপন্থী সংগঠনটোৰ সদস্য হয় নে নহয় এই সম্পৰ্কে জানিব পৰা হোৱা নাই। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply