নলবাৰী : ভাতৃৰ বিয়া খাই উভতি যোৱাৰ পথত যুৱকৰ মৃত্যু। শিৱসাগৰৰ পৰা ভাতৃৰ বিয়া খাব নলবাৰীলৈ আহিছিল যুৱকজন। বিয়া খাই পুনৰ শিৱসাগৰলৈ উভতি যোৱাৰ পথত ৰহস্যজনকভাৱে মৃত্যু হয় যুৱক জনৰ।
শিৱসাগৰৰ পৰা নলবাৰীলৈ বিয়া খাবলৈ আহি ৰহস্যজনকভৱে মৃত্যু হয় আলীফ হক নামৰ এজন যুৱকৰ। নলবাৰী জিলাৰ জনিগোগত ঘৰ আলীফ হক ওৰফে বাবু নামৰ যুৱকজনৰ।
যুৱকজনৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নালবাৰীৰ পৰা ভাতৃৰ বিয়া খাই শিৱসাগৰলৈ উভতি যোৱাৰ পথতে উদ্ধাৰ হয় আলীফ হকৰ মৃতদেহ। কৰ্মসূত্ৰে শিৱসাগত আছিল আলীফ হক নামৰ যুৱকজন।
লগতে পঢ়ক : তুম্প্ৰেঙত বিভিন্ন জন-জাতিৰ মাজত ৰাস উৎসৱ উদযাপন
মৃত যুৱকজনৰ পৰিয়ালৰ লোকে যুৱকজনৰ ৰহস্যজনক মৃত্যুক এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ নলবাৰী আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত আলীফ হকৰ মৃত্যুৰ কাৰণ।