গুৱাহাটী – ৰাইজে ড্ৰাগছসহ আটক কৰিলে এজন যুৱকক। অসম-মেঘালয় সীমান্তত ৰাইজৰ ড্ৰাগছ বিৰোধী অভিযান। অসম আৰু মেঘালয় আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা ৰাইজৰ। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক ৰাইজৰ আহ্বান।
ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে অবৈধ ড্ৰাগছৰ বেহা। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ অবৈধ বেহা ব্যাপক হাৰত বৃদ্ধি পাইছে। ৰাইজে আৰক্ষীক বাৰম্বাৰ অভিযোগ দি অহাৰ পিছতো আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ ৰাইজৰ। আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ ৰাইজ ওলাই আহিল ড্ৰাগছ বিৰোধী অভিযানত।
মঙলাবাৰে অসম-মেঘালয় সীমান্তৰ বৰ্ণিহাটত স্থানীয় ৰাইজে এজন যুৱকক ড্ৰাগছসহ আটক কৰি সোণাপুৰ আৰক্ষীক গোটাই দিয়ে। জানিব পৰা মতে বৰ্ণিহাটৰ দলংৰ সমীপৰ পৰা ড্ৰাগছসহ এজন যুৱকক স্থানীয় লোকে আটক কৰে। স্থানীয় লোকে অভিযোগ কৰে যে দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি অহা ড্ৰাগছৰ ৰমৰমীয়া বেহা ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে অসম আৰু মেঘালয়ৰ আৰক্ষী।
মঙলাবাৰে কিছুমান সচেতন যুৱকে ড্ৰাগছ যোগান দিবলৈ আহা এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। বিৰুগিৰী নামৰ এজন যুৱকক ড্ৰাগছ যোগান ধৰিবলৈ অহা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক কেইজনমান স্থানীয় যুৱকে আটক কৰে।
যুৱকজনৰ কবলৰ পৰা প্ৰায় ২২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে সচেতন যুৱক কেইজনে। ৰাইজে ড্ৰাগছসহ আটক কৰা যুৱকজনক সোণাপুৰ আৰক্ষীক গোটেই দিয়ে। অঞ্চলটোত ড্ৰাগছৰ ৰামৰামীয়া বেহা বন্ধ কৰিবলৈ ৰাইজে অসম আৰু মেঘালয় আৰক্ষীক আহ্বান জনাইছে।