মঙলদৈঃ দৰঙৰ আগশাৰীৰ সামাজিক, সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ‘য়ুথ ক্লাব, মঙলদৈ’ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান অহা ৬, ৭ আৰু ৮ জানুৱাৰীত মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হ’ব। 

ক্লাবৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অনুপম ডেকা আৰু প্ৰচাৰ সম্পাদক গণেশ দত্তই জনোৱা মতে- ৬ জানুৱাৰীৰ পুৱা ৯ বজাত ক্লাবৰ সভাপতি গোবিন্দ উপাধ্যায় আৰু উদযাপন সমিতিৰ সভাপতি গিৰীশ ডেকাই পতাকা উত্তোলন কৰিব। 

ইয়াৰ পিছতে বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৰূপায়ন কৰাৰ পিছতে দৰঙৰ কেইটামান আগশাৰীৰ ক্লাব-সংঘৰ বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। ১০.৩০ বজাত দৰঙী কলা কৃষ্টিৰ সমাহাৰেৰে হ’বলগীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। 

সন্ধিয়া ৫.৩০ বজাত প্ৰবীণ শিল্পী পাহাৰী দাস, কণিকা ভট্টাচাৰ্য, প্ৰতুল গোস্বামী, হীৰেণ শৰ্মা, নয়নিকা হাজৰিকা আদিৰ অংশগ্ৰহণেৰে হ’বলগীয়া পাৰুল দেৱী আৰু আনন্দ নাৰায়ণ দেৱ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিধায়ক বসন্ত দাসে। 

সেইদৰে ৭ জানুৱাৰীত সতীৰ্থ সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান উদ্বোধন কৰিব পৌৰপতি নিৰ্মালী দেৱী শৰ্মাই। সন্ধিয়া হ’বলগীয়া বিপুল চলিহা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই। 

৮ জানুৱাৰীৰ পুৱা ১০ বজাত ডাঃ মৃন্ময় কুমাৰ নাথ আৰু মৃত্যুঞ্জয় কুমাৰ দেৱশৰ্মাৰ পৰিচালনাত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লি ৩ বজাত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব সাংসদ দিলীপ শইকীয়াই। 

সভাত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক পদ্মশ্ৰী যতীন গোস্বামী, পদ্মশ্ৰী ঘনকান্ত বৰবায়ন, প্ৰাক্তন ৰাষ্ট্ৰদূত এ নটৰাজন, বিধায়ক ক্ৰমে বসন্ত দাস, মজিবৰ ৰহমান, দুৰ্গা দাস বড়ো, ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান প্ৰাপক ক্ষীৰোদ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। 

সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই। সন্ধিয়া হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। এই অনুষ্ঠানত মণিপুৰৰ খোল বাদন, বিশিষ্ট শিল্পী বিপিন চাউদাঙৰ গীতৰ শৰাই হ’ব মুখ্য আকৰ্ষণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply