সোণাৰি : নিবনুৱা যুৱক-যুৱতীসকল চাকৰিমুখী নহৈ কৃষিকৰ্ম কৰিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ। কৃষকসকলক সহযোগিতা কৰিবলৈ কৃষি বিষয়া সকল সাজু আছে। এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ।
সোণাৰি সমষ্টিৰ লংপতীয়াত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি যোৰহাটৰ সাংসদ গৰাকীয়ে কয় যে নিবনুৱা যুৱক-যুৱতীসকল চাকৰিমুখী হোৱাৰ পৰিবৰ্তে এতিয়া কৃষিকৰ্ম কৰিবলৈ আগবাঢ়ি আহিছে আৰু এইটো এটা শুভ লক্ষণ। মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন যোজনাৰ অধীনত কৃষকলৈ আগবঢ়োৱা ৰাজ সাহাৰ্যযুক্ত ট্ৰেক্টৰ বিতৰণ কৰিবলৈ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ।
লগতে পঢ়ক : ডিএনএলএক চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ আহ্বান
লংপতীয়া সাপ্তাহিক বজাৰগৃহত অনুষ্ঠিত সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কৃষি বিভাগৰ বিষয়া তথা পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে।