গুৱাহাটীঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাত কলহী নৈৰ বুকুত জাপ দি আত্মহত্যা কৰিলে গুৱাহাটী শান্তিপুৰৰ হিতেশ দাস নামৰ যুৱকজনে।

জানিব পৰা মতে, কুকুৰমাৰাৰ আমত’লাত থকা শহুৰেকৰ ঘৰত আছিল যুৱকজন। হঠাতে কলহী নৈৰ বুকুত জাপ দিয়ে যুৱকজনে ৷

লগতে পঢ়কঃঅ’ এন জি চিক অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আছুৰ

পিছত আৰক্ষীয়ে ৰাইজৰ সহযোগত মৃত অৱস্থাত যুৱকজনক কলহীৰ বুকুৰ পৰা উদ্ধাৰ কৰে।

কিন্তু শহুৰেকৰ ঘৰলৈ আহি কিয় এনেদৰে নৈত জপিয়াই আত্মহত্যা কৰিলে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply