ৰাজ্যৰ পুলিচ প্ৰশাসনৰ ভুৱা এনকাউন্টাৰক লৈ ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

নগাৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক নগাঁও আৰক্ষীয়ে গুলীওৱা ঘটনাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।


যুৱ কংগ্ৰেছে কামৰূপ মহানগৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰা উদ্দেশ্যে ৰাজীৱ ভনৱৰ পৰা এক প্রতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে।

আৰক্ষীৰ বাধা প্রদানকলৈ প্ৰতিবাদকাৰী সকল অধিক উত্তপ্ত হৈ পৰে। যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই আৰক্ষীৰ বাধা নেওচি ওলাই অহাত আৰক্ষীয়ে অংকিতা দত্তক আটক কৰে।

প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ সষ্টম হৈ থকা পুৰুষ আৰক্ষীয়ে যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীক চোচোৰাই লৈ যোৱা কাৰ্যত প্ৰতিবাদ জনাইছে যুৱ কংগ্ৰেছে।


প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, আনন্দ মিশ্ৰ মূর্দাবাদ শ্ল’গানেৰে ৰাজীৱ ভনৱৰ চৌহদত উত্তাল কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে।

লগতে পঢ়ক- বোকাখাতত নাহৰজান চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিক অধিকাৰ খৰ্বৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply