মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফুলবাৰীৰ গোমাইঝোৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চলন্ত মটৰ চাইকেলত ইউটিউব ভিডিঅ’ বনাই থাকোতে এজনৰ মৃত্যু। চলন্ত মটৰ চাইকেলত ইউটিউব ভিডিঅ’ বনাই থাকোতে মটৰ চাইকেল খালত পৰি এজন নিহত, আহত চাৰিজন।

শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ইউটিউব চেনেলত কাম কৰা যুৱকৰ দল এটা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ পৰা হাটশিঙীমাৰী অভিমুখে আহি থকা অৱস্থাত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ অন্তৰ্গত গোমাইঝোৰাত ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈ এজন যুৱক নিহত হোৱাৰ লগতে আন চাৰিজন যুৱক আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ পৰা ৬ জনীয়া যুৱকৰ দল এটা ইউটিউব ভিডিঅ’ বনাবলৈ ঘৰৰ পৰা তিনিখন মটৰ চাইকেললৈ হাটশিঙিমাৰীলৈ ৰাওনা হয়।

যুৱক দলটো চুবুৰীয়া ৰাজ্য মেঘালয় হৈ আহি থকা অৱস্থাত চলন্ত মটৰ চাইকেলত ইউটিউব ভিডিঅ’ বনাই থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ তলত মটৰ চাইকেলসহ ফৰিদুল ইছলাম নামৰ যুৱকজন খাল পৰে। ফলত আন মটৰ চাইকেল কেইটাও দলংৰ তলত বাগৰি পৰে। ঘটনাত ফৰিদুল ইছলাম পানীৰ মাজত নোখোজ হৈ পৰাৰ লগতে আন চাৰিজন মটৰ চাইকেল আৰোহী আহত হয়৷

লগতে পঢ়ক  : কাজিৰঙাৰ বাঘ সংৰক্ষণত জড়িত দুই বনকৰ্মীলৈ এন টি চি’ৰ প্ৰশংসা পত্ৰ 

স্থানীয় ৰাইজে যুৱকৰ দলটোক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ লগতে পানীত সন্ধানহীন হৈ থকা যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে। কিছু সময় পিছত সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। ইফালে আহত যুৱক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইউটিউব ভিডিঅ’ বনাই থকা সময়ত দুৰ্ঘটনাত পতিত হৈ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন আহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply