উত্তৰ লখিমপুৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টাৱাৰৰ পৰা সোৱণশিৰি নদীত পৰিল আনন্দ বাগানৰ যুৱক।

সন্ধানহীন যুৱকজন চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত আনন্দ বাগানৰ এক নং দক্ষিণ ৰূপহীৰ আব্ৰাহম ওৰাঙৰ ২১ বছৰীয়া পুত্ৰ ছিমিয়ন ওৰাং বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃনৱম শ্ৰেণীত অনুষ্ঠিত হোৱা পৰীক্ষাৰ নম্বৰৰ ভিত্তিতে ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টাৱাৰত কাম কৰি থকা অৱস্থাত হঠাতে সোৱণশিৰি নদীত পৰি যায় যুৱকজন।

বৰ্তমানলৈ কোনো সন্ধান ওলোৱা নাই যুৱকজনৰ। পেটেল নামৰ এটা কোম্পানীৰ অধীনত শ্ৰমিক হিচাপে কাম কৰি আছিল যুৱক জনে। পিছে এই সন্দৰ্ভত সমগ্ৰ ঘটনা গোপনে ৰাখিছে এন এইচ পি চি কৰ্তৃপক্ষই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply