সৰুপথাৰঃ পুনৰ আলফা (স্বাঃ)ত এজন যুৱকে যোগদান কৰাৰ খবৰ পোৱা গৈছে।
যুৱকজন সৰুপথাৰৰ উৰিয়ামঘাট ডিমৰুজানৰ পদ্ম গগৈ।
বিগত ২১ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল পদ্ম গগৈ৷
লগতে পঢ়কঃঅসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন
ঘৰৰ পৰা সৰুপথাৰলৈ বুলি ওলাই আহি পুনৰ নিজগৃহলৈ উভতি নগ’ল পদ্ম গগৈ।
পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে পদ্ম গগৈৰ পিতৃ-মাতৃয়ে।