গুৱাহাটী : মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আমচিং যোৰাবাটত সংঘটিত হৈছে এই হত্যাকাণ্ড। এজন যুৱকে ৰাজপথতে হত্যা কৰিলে এগৰাকী যুৱতীক।
মহানগৰীৰ আমচিং যোৰাবাটত পুনৰ এক নৃশংস হত্যাকাণ্ড। প্ৰেম প্ৰত্যাখান কৰাৰ বাবে গাড়ীৰ পৰা নমাই আনি যুৱতীক হত্যা। মাতৃৰ সন্মুখতে যুৱতী গৰাকীক হত্যা কৰিলে এজন যুৱকে।
লগতে পঢ়ক : প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে চহকী মাজুলীৰ কৃষিখণ্ডত উন্নয়নৰ আমূল পৰিৱৰ্তন
সঞ্জয় লালুং নামৰ এজন যুৱকে যুৱতী গৰাকীক মাতৃৰ সন্মুখতে দৰে ডিঙি ৰেপি হত্যা কৰে। হত্যাকাৰী সঞ্জয় লালুং পলাতক অৱস্থাত আছে। দুদিন পূৰ্বে বৰাগাঁৱত পিতৃয়ে হত্যা কৰিছিল ১১ বছৰীয়া কন্যাক।