নলবাৰী : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ড্ৰাগছ আসক্তই এজন যুৱকক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ড্ৰাগছ আসক্ত সতীৰ্থই এজন যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে হত্যাৰ বলি হোৱা যুৱকজনৰ পৰিয়ালৰ লোকে।
নলবাৰী জিলাৰ কৈঠালকুছিত ৰে’ল ষ্টেচনৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। ক্ষত-বিক্ষত অৱস্থত উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি যুৱকজনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে ড্ৰাগছ আসক্ত সতীৰ্থই যুৱকজনক হত্যা কৰিছে।
লগতে পঢ়ক : দিল্লীৰ যন্তৰ মন্তৰত জাতীয় শ্ৰমিক শক্তিৰ ধৰ্ণা কাৰ্যসূচী
মৃত যুৱকজনৰ নাম টুটুমনি বৰ্মন। ২৯ বছৰীয়া টুটুমনি বৰ্মন পেছাত এজন গাড়ী চালক। ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।