নিউজ ডেস্কঃ ডিব্ৰুগড়ত শুক্ৰবাৰৰ নিশা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী কনভয়ে মহটিয়ালে এজন যুৱকক।
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ে মহটিয়াই নিয়া যুৱক জনৰ নাম জানিব পৰা নাই যদিও ২২ বছৰীয়া যুৱক বুলি গম পোৱা গৈছে।
অসম চিকিৎসা মহাবিদ্যালয়ৰ ৱান ৱে’ত বিপৰীত দিশত পৰা আহি থকাত তেলীৰ কনভয়ে খুন্দা মাৰে যুৱকজনক।
লগে লগে যুৱকজনক কাষতে থকা সৃষ্টি হাস্পতালত ঊৰ্তি কৰোৱা হয়।
জানিব পৰা মতে, যুৱকজন গুৰুতৰভাৱে আহতে হৈছে।
লগতে পঢ়ক – অসমীয়াত ভাষণ আৰম্ভ, “আপোনালোক সকলোকে নমস্কাৰ”-দৌপদী মুৰ্মু