হোজাই : হোজাই জিলাৰ মাটিখোলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। হোজাই আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলাত অৰ্জুন বিস্বাস নামৰ এজন যুৱকে নিজ আইতাকক দাৰে ঘপিয়াই হত্যা কৰে। তেজেৰে লুটুৰি পুতুৰী অৱস্থাত শোৱা-পাতিত উদ্ধাৰ হয় আইতাক মনমোহীনি বিশ্বাসৰ মৃতদেহ।
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ অৰ্জুন বিশ্বাসক আটক কৰি তদন্ত আৰম্ভ কৰিছে। স্থানীয় লোকে জানিবলৈ দিয়ে অৰ্জুন বিশ্বাস নিচা আসক্ত আৰু নিচাত থকাৰ বাবেই অৰ্জুন বিশ্বাসে এনে ঘটনা সংঘটিত কৰিলে।
লগতে পঢ়ক : সংৰক্ষণৰ অভাৱত জহি খহি যাব ধৰিছে প্ৰতিমা পাণ্ডে বৰুৱা স্মৃতি বিজড়িত মটিয়াবাগৰ হাৱামহল
আনহাতে গোলাঘাট জিলাৰ ঢেকীয়াল থানাৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত এটা নলাত পৰি থকা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ পুৱাই এগৰাকী মহিলাই উক্ত মৃতদেহতো পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি ঢেকীয়াল আৰক্ষী চকীত খবৰ দিয়ে। মৃতদেহতো ঢেকীয়াল আধলিচুকৰ ভবেশ হাজৰিকা নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে।
যোৱা শুকুৰবাৰে বায়েকৰ ঘৰলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ব্যক্তিজন।সন্ধানহীন হৈ আছিল। স্থানীয় লোকে জনোৱা মতে অধিক সুৰা সেৱন কৰাৰ ফলতেই নলাত পৰি ব্যক্তিজনৰ মৃত্যু ঘটিছে। অঞ্চলতটোত গঢ় লৈ উঠা মদৰ ঘাটি সমূহৰ বাবেই এনে কাৰ্য সংঘটিত হৈছে বুলি অভিযোগ কৰাৰ লগতে এই ঘাটি সমূহ শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।