তামুলপুৰ : তামুলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভূটানৰ ট্ৰাকৰ খুন্দাত নিহত এজন যুৱক। ঘটনাক কেন্দ্ৰ কৰি ৰঙিয়া-ভূটান ৰাজপথত তীব্ৰ উত্তেজনা।
ভূটানৰ ট্ৰাকে পুনৰ প্ৰাণ নিলে এজন যুৱকৰ। বাক্সা জিলাৰ তামুলপুৰৰ ভূটান-ৰঙিয়া পথত ভূটানৰ ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাই এজন যুৱকে। জানটু সূত্ৰধৰ নামৰ এজন যুৱকক ভূটানৰ পৰা ৰঙিয়া অভিমুখে আহি থকা বিপি-২-এ-৮৩১০ নম্বৰৰ ট্ৰাক এখনে মহতিয়াই নিয়ে।
লগতে পঢ়ক : মাজুলী যোৰহাট সংযোগী ফেৰী সেৱাক লৈ হাহাকাৰ ৰাইজৰ মাজত
দোকানৰ সামগ্ৰী কিনিবলৈ চাইলেৰে গৈ থকা অৱস্থাত জানটু সূত্ৰধৰক ভূটানৰ ট্ৰাকখনে মহতিয়াই নিয়াত থিতাতে নিহত হয় যুৱকজন। দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাইজ উত্তেজিত হৈ পথ অৱৰোধ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।