ৰূপহীহাট : নগাঁও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গৰু চোৰৰ সন্দেহত হত্যা কৰা হৈছে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক। ৰূপহীহাট থানাৰ অন্তৰ্গত আমবাগানত সংঘটিত হৈছে এই হত্যাকাণ্ড। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা। হত্যাকাণ্ডৰ তদন্তৰ দাবী জনাই ওলাই আহিছে ৰাইজ।

ইমৰাণ হুছেইন নামৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক গৰু চোৰৰ সন্দেহত ৰূপহীহাট থানাৰ অন্তৰ্গত আমবাগানৰ মহব্বৰ আলিত দূৰ্বৃত্তই প্ৰহাৰ কৰে। হাত-ভৰি বান্ধি নিৰীহ যুৱক জনক নিৰ্মমভাৱে প্ৰহাৰ কৰে একাংশ দূৰ্বৃত্তই। মূমুৰ্ষ অৱস্থাত মানসিকভাৱে বিকাৰগ্ৰস্ত ইমৰণ হুছেইনক আমবাগান আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে যুৱক জনৰ মৃত্যু হয়।

আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। নিহত ইমৰাণ হুছেইন জুৰীয়াৰ কালিয়াডিঙাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। দুৰ্বৃত্তৰ আক্ৰমণত ইমৰণ হুছেইন নিহত হোৱাৰ বাতৰি বিয়পি পৰাত অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মূল্যাংকন পদ্ধতি সম্পৰ্কে অসন্তুষ্টি ছাত্ৰ-ছাত্ৰী

যুৱক জনৰ পৰিয়ালৰ লোক শোকত ভাঙি পৰিছে। মৃত যুৱক জন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি গাঁৱৰ স্থানীয় লোকে দাবী কৰিছে। দৰিদ্ৰ ইমৰণ হুছেইন দুটা সন্তানৰ পিতৃ। গাঁওবাসীয়ে ইমৰণ হুছেইনৰ মৃত্যুৰ সঠিক তদন্তৰ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply