বকো – বকোত শোকাৱহ পথ দুর্ঘটনাত নিহত এজন। গুৰুত্বৰভাৱে আহত অন্য এজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় বাইক আৰোহী জিতু কুমাৰ ৰাভা।
মঙলাবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ শাখাতিত এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। নিশা অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় জিতু কুমাৰ ৰাভা নামৰ এজন ২৬ বছৰীয়া যুৱক। পথ দুৰ্ঘটনাত বনো বড়ো নামৰ অন্য এজন ২৫ বছৰীয়া যুৱক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসলায়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে যুৱক দুজনে এএছ-০১-এমবি-৬১২০ নম্বৰৰ বাইকেৰে বকোৰ মিৰ্জাঘাটত পূজা চাবলৈ আহিছিল। নিশা পূজা চাই উভতি যোৱা সময়ত এই শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়।
নিহত যুৱকজনৰ ঘৰ ধুপধৰাৰ মাচলামত আৰু গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনৰ ঘৰ ধুপধৰাৰ যোগীপাৰা দিঘলীত। উল্লেখ্য যে বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰায়ে দুর্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। মঙলাবাৰে নিশাৰ ভাগত পুনৰ এক শোকাৱহ পথ দুর্ঘটনাত এজন যুৱক নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।