তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰৰ অন্তৰ্গত কাউলীৰ নাৰায়ণপুৰ গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। দয়াল দাস নামৰ এজন ২০ বছৰীয়া যুৱকক দাৰে ঘপিয়াই হত্যা কৰে দুৰ্বৃত্তই। দেওবাৰে নিশাৰ ভাগত ৰাজপথ দয়াল দাসৰ ওপৰত দৰে আক্ৰমণ চলায় দুৰ্বৃত্তই।
জানিব পৰা মতে দেওবাৰে দয়াল দাস গাঁওখনতে থকা নিজ ভগ্নীৰ ঘৰলৈ গৈছিল। নিশাৰ ভাগত ভগ্নীৰ ঘৰত অহাৰ গ্ৰহণ কৰি উভতি আহি থকা অৱস্থাত দুৰ্বৃত্তই দয়াল দাসৰ ওপৰত আক্রান্ত চলায়। ৰাজপথতে দাৰে দুৰ্বৃত্তই দয়াল দাসক আক্ৰমণ কৰি পলায়ন কৰে।
আহত দয়াল দাসৰ চিঞৰ শুনি গাঁওবাসী ওলাই আহে। ৰাজপথত দয়াল দাসক তেজেৰে লুতুৰিপুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰি গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দয়াল দাসৰ মৃতদেহ উদ্ধাৰ কৰে।
লগতে পঢ়ক : শৰাইঘাট দলঙৰ ৰেলিং ভাঙি ৫০ ফুট তলত পৰিল মাৰুতি
নিশাৰ ভাগত ৰাজপথৰ ওপৰত এইদৰে এজন যুৱকৰ ওপৰত চলা নৃশংস আক্ৰমণৰ ঘটনাক স্থানীয় ৰাইজে গৰিহণা দিয়াৰ লগতে আক্ৰমণৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বর্তমানলৈকে ঘটনাৰ লগত জড়িত কাকো আটক কৰা নাই।