গুৱাহাটী : মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কুমাৰপাৰাত এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলোৱাৰ সন্দেহ। দ্বিতীয় মহলৰ পৰা জপিয়াই মনোজ চহৰীয়া নামৰ এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলোৱাৰ সন্দেহ। মনোজ চহৰীয়াক চিকিৎসালয়লৈ প্ৰেৰণ।
বৃহস্পতিবাৰে মহানগৰী গুৱাহাটীৰ এ টি ৰোডস্থিত ইনলেণ্ড টাৱাৰৰ দ্বিতীয় মহলৰ পৰা জপিয়াই মনোজ চহৰীয়া নামৰ এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলায় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। দ্বিতীয় মহলৰ পৰা জপিয়াই মনোজ চহৰীয়া নামৰ যুৱকজন গুৰুত্বৰভাৱে আহত হয়। আহত যুৱকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়ক : বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান
জানিব পৰা মতে টকা-পইচাক কেন্দ্ৰ কৰি যুৱকজনৰ ঘৰত কাজিয়াৰ সূত্ৰপাত হৈছিল। কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতে যুৱকজনে এইদৰে বিল্ডিঙৰ পৰা জপিয়াই। বৰ্তমান ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।