তামিলনাডুৰ বিহাৰী লোকসকলৰ ওপৰত তামিলে আক্ৰমণৰ ভুৱা বাতৰি আৰু ভিডিঅ’ বিয়পাই দিছিল জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে।
আজি বেতিয়াৰ জগদীশপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ইউটিউবাৰগৰাকীয়ে। ইয়াৰ পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, ইক’নমিক অ’ফেন্স ইউনিট (EOU) দলটোৱে মনীষ কাশ্যপক গ্ৰেপ্তাৰৰ বাবে সন্ধান কৰি আছিল। আৰু এই সন্দৰ্ভত অভিযানকাৰী দলৰ এছ পি সুশীল কুমাৰে কয় যে আৰক্ষীৰ অভিযান আৰু তালাচী আৰম্ভ হোৱাৰ লগে লগে মনীষে আত্মসমৰ্পণ কৰিছে। মনীষ কাশ্যপে আত্মসমৰ্পণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
তথ্য অনুসৰি, তামিলনাডুত কৰ্মৰত বিহাৰৰ বাসিন্দাসকলৰ বাবে অসত্য, বিভ্ৰান্তিকৰ আৰু উন্মত্ত ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত মনীষ কাশ্যপে বিহাৰ আৰক্ষী আৰু EOU ৰ হেঁচাৰ বাবে বেতিয়াৰ জগদীশপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।