বদৰপুৰ: প্ৰেমিকা এগৰাকী নাম হাছিনা চৌধুৰী প্ৰেমিক ৪ জন। এই প্ৰেমৰ বাবেই কাল হ’ল এজন প্ৰেমিক জাহাঙ্গীৰ আলমৰ । পষ্টমৰ্টেন ৰিপ’ৰ্টত ওলাল আত্মহত্যা নহয় হত্যা কৰা হৈছিল জাহাঙ্গীৰক। অবশেষত তিনিজন প্ৰেমিকৰ সৈতে জেললৈ কুখ্যাত জ্যুলিয়েট, হাছিনা চৌধুৰী।
কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ দেওৰাইল গাঁৱৰ ভাৰাঘৰত চিপ লোৱা অৱস্থাত যোৱা ২২ জুনত উদ্ধাৰ হৈছিল বদৰপুৰৰ নবিন চন্দ্ৰ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ জাহাঙ্গীৰৰ মৃতদেহ।
মৃতদেহটো মাটিত লাগি থকা অৱস্থাত দেখি আত্মহত্যা নহয় বুলি আৰক্ষী সহ স্থানীয় লোকৰ সন্দেহ হৈছিল।
সুদীৰ্ঘ দুমাহ পিছত পোষ্টমৰ্টেম ৰিপোৰ্ট অহাত জাহাঙ্গীৰৰ মাতৃয়ে আদালতত ৰুজু কৰে গুচৰ।
বদৰপুৰ আৰক্ষীয়ে হত্যাৰ গোচৰৰ ভিত্তিত ৪ টা অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আটক কৰা অভিযুক্ত ৪ টা হ’ল, জাহাংগীৰৰ প্ৰেমিকা হাছিনা বেগম চৌধুৰী, মুন্না আহমেদ, ছুহেল উদ্দিন আৰু নিজাম উদ্দিন।
আৰক্ষীয়ে জাহাঙ্গীৰৰ ফোনৰ অনুসন্ধান আৰম্ভ কৰি কল হিষ্ট্ৰিৰ আঁতধৰি বহু ৰহস্যজনক তথ্য লাভ কৰে বদৰপুৰ আৰক্ষীয়ে।

আৰক্ষীৰ দীৰ্ঘ তিনিদিনৰ মাৰাথন জেৰাত স্পষ্ট হৈ পৰে সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী।
আৰক্ষীয়ে জাহাঙ্গীৰৰ বেংক একাউণ্টৰ লেনদেনতো লাভ কৰে আন কেতবোৰ ৰহস্যজনক তথ্য।
জাহাঙ্গীৰৰ এক্সিছ বেংক একাউণ্টৰ নমিনি আছিল হাছিনা বেগম। একেখন কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী হাছিনাই যোৱা ৩ বছৰ ধৰি মিছা প্ৰেমৰ প্ৰলোভনেৰে জাহাঙ্গীৰৰ বেংক একাউণ্টৰ পৰা উলিয়াই নিছিল কেইবা লাখ টকা।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত মুন্নাৰ লগত প্ৰেম আছিল হাছিনাৰ। নাগালেন্ডৰ যুবক জাহাংগীৰে পঢ়াৰ বাবে কৰিমগঞ্জলৈ আহি ভাৰাঘৰত থকাৰ পিছৰে পৰা প্ৰেমৰ জালত পেলাইছিল একে কলেজৰে ছাত্ৰী হাছিনাই ।
যোৱা সময়চোৱাত জাহাংগীৰৰ একাউন্টৰ পৰা ধনৰ লুণ্ঠন চলাই আহিছিল প্ৰেমিক মুন্না আহমেদক সহযোগ লৈ ।
জাহাংগীৰৰ পৰা লুণ্ঠন কৰি সকলো শেষ কৰাৰ বাবে চেষ্টা চলাই শেষত ৪ জনে মিলি হত্যা কৰিছিল অভিযোগ কৰে জাহাংগীৰৰ মাতৃয়ে ।