মানকাচৰত সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ জাবেদ ইছলামক সমষ্টিজুৰি বিশাল ৰেলীৰে উষ্ম আদৰণি ।
অসমৰ সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ দায়িত্ব লাভ কৰি মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আজি প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত উপস্থিত হোৱাত অগপৰ নেতা-কৰ্মী তথা সমৰ্থক সকলে বিশাল বাইক ৰেলি উলিয়াই তেওঁক উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে অসম মেঘালয় সীমান্তবৰ্তী অয়ডোবাৰ পৰা আৰম্ভ কৰি বাঘাপাৰা- কালাপানি মানুল্যাপাৰা আৰু জিলাৰ সদৰ হাটশিঙীমাৰী হৈ মানকাচৰ জে,এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাত ৰেলীত অংশগ্ৰহণ কৰা সমৰ্থক সকল একত্ৰিত হয় ।

সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ নবনিয়ুক্ত অধ্যক্ষ জাবেদ ইছলামক উষ্ম আদৰণি জনাবলৈ এই বিশাল ৰেলি উলিওৱা হয়।

জাবেদ ইছলামৰ সৈতে আজি এই ৰেলীত অংশগ্ৰহণ কৰে বি জে পি দলৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াজ কুজুৰ, সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ উপাধ্যক্ষ খলিলুৰ ৰহমান ,ৰাজ্যিক বি জে পি সংখ্যা লঘু মৰ্চাৰ সম্পাদক সহিদুৰ ৰহমানৰ লগতে প্ৰায় সহস্ৰাধিক সমৰ্থকে আদৰনি জনোৱাৰ পৰিলক্ষিত হয় । লক্ষ্যনীয় য়ে সমষ্টিৰ ২৮ খন গাওঁ পঞ্চায়তৰে দলীয় কৰ্ম কৰ্তা সকলে আটক ধুনীয়াকৈ তোৰণ সাজি উষ্ম আদৰনি জনায়।

লগতে পঢ়ক- যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply