কোৰোনাৰ আতংকৰ মাজতে আহিছে জিকা ভাইৰাছ । ৰাজ্যত এইপৰ্যন্ত আক্ৰান্ত হোৱা নাই বুলি প্ৰকাশ কৰিছে স্বাস্থ্যবিভাগে । ইয়াৰ মাজতে জিকা ভাইৰাছৰ বিৰুদ্ধে সাজু হৈ আছে স্বাস্থ্য বিভাগ । গুৱাহাটী মেডিকেল কলেজো জিকা ভাইৰাছৰ বাবে সাজু হৈ আছে বুলি জনাইছে ।
দেশত ক’ভিডৰ সংক্ৰমণ কমিবলৈ লোৱাৰ সময়তে প্ৰাদুৰ্ভাৱ বাঢ়িছে ডেংগু ভাইৰাছৰ। দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এতিয়া ডেংগু জ্বৰৰ প্ৰাদুৰ্ভাৱ। ৰাজধানী দিল্লী আৰু জম্মু কাশ্মীৰতো সমান্তৰালভাৱে বৃদ্ধি পাইছে ডেংগু ভাইৰাছ।
লগতে পঢ়ক- ডকমকাত আৰক্ষীৰ অভিযানত অস্ত্ৰ সহ যুৱক আটক
উত্তৰ প্ৰদেশতো ডেংগু সংক্ৰমণৰ অভিকেন্দ্ৰৰূপে চিহ্নিত হৈছে।কভিড সংক্ৰমণ ক্ৰমান্বয়ে নিয়ন্ত্ৰণলৈ অহাৰ সময়তে এইবাৰ আকৌ ডেংগু ভাইৰাছৰ সংক্ৰমণ। চলিত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে উত্তৰ প্ৰদেশত চিনাক্ত হৈছে ২৩ হাজাৰ ডেংগু ৰোগী। ইয়াক লৈ এতিয়া সক্ৰিয় হৈছে দেশখনৰ স্বাস্থ্য বিভাগ।