গুৱাহাটী : নিশা হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ। অসুস্থ জুবিন গাৰ্গক নিশাই আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়।
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ অৱস্থাত নিশা প্ৰায় ১১ বজাত জুবিন গাৰ্গক গঢ়চুকৰ আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়।
গান ৰেকৰ্ডিং কৰি থকা সময়তে অসুস্থ হৈ পৰে জুবিন গাৰ্গ। জয়ানগৰৰ চিকমিক নামৰ ষ্টুডিঅ’টোত গান ৰেকৰ্ডিং কৰি থকা সময়তে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ।
লগতে পঢ়ক : কাৰ্বি ভাষাৰ সাধক চিকাৰী তিছ’ক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্বৰ্ধনা
শিল্পী গৰাকী নিশা উচ্চ ৰক্তচাপত ভোগাৰ বাবে বাবে হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান শিল্পী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।