গুৱাহাটীঃ জুবিন গাৰ্গক ডিব্ৰুগড় সঞ্জীৱনী হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড়ৰ মনোহৰী ৰিজৰ্টত থকা অৱস্থাতে মঙলবাৰে বাথৰুমত পিছল খাই মূৰত আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী। সম্প্ৰতি কেইবাজনো বিশেষজ্ঞ চিকিৎসকে শিল্পী গৰাকীক চিকিৎসা চলাই আছে।

শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি, চিটি স্কেন ৰিপ’ৰ্টত কোনো গুৰুতৰ আঘাত নাই বুলি উল্লেখ কৰিছে হস্পিতাল কৰ্তৃপক্ষই। বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাৰীৰিক অসুস্থতাৰ হেতু সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক নিৰ্দেশ দিছে৷

প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকীক গুৱাহাটী নতুবা ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

মুখ্যমন্ত্ৰীয়ে লগতে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সমগ্ৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply