নলবাৰী: আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৪৯ তম ওপজা দিন।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নলবাৰীতো জুবিন ফেন ক্লাৱৰ দ্বাৰা জন্মদিন পালন।
জনপ্ৰিয় শিল্পীগৰাকীৰ ওপজা দিনত নলবাৰী চহৰৰ শান্তি নিৱাস অনাথ আশ্ৰমত ফেন ক্লাৱৰ সদস্যসকলে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে বৃক্ষৰোপন আৰু অন্তৰংগ আলাপ কৰে আশ্ৰমৰ আবাসীসকলৰ লগত ।
আনহাতে আশ্ৰমত থকা প্ৰতিগৰাকী আবাসীক চিকিৎসা প্ৰদান কৰে। জুবিন ফেন ক্লাৱ নলবাৰীয়ে শিল্পীগৰাকীৰ ওপজা দিনটো কেক কাটি গীতে মাতে পালন কৰে।