গুৱাহাটীঃ অসমবাসী ৰাইজৰ হিয়াৰ আমঠু অৰ্থাত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ আজি জন্মদিন। ৫০বছৰত ভৰি থ’লে মৰমৰ শিল্পীগৰাকীয়ে।

১৯৭২ চনৰ ১৮‌নৱেম্বৰত জন্ম হৈছিল জুবিন গাৰ্গে। তেওঁৰ প্ৰথম এলবাম অনামিকা ১৯৯২ চনত মুক্তি লাভ কৰিছিল। ইয়াৰ পাছৰে পৰা এটাৰ পিছত আন এটা হিট গীত উপহাৰ দি সকলোৰে আপোন হৈ পৰে জুবিন। জুবিনৰ অন্তৰ স্পৰ্শী কন্ঠই সকলোকে মুগ্ধ কৰে। ইমানেই নহয় সৰল মনৰ জুবিন আনৰ কাষত থিয় দি মহানুভৱতাৰ পৰিচয়ো দাঙি ধৰা অলেখ উদাহৰণ আছে।

কেৱল‌ অসমীয়া নহয় হিন্দী, বাংলা ভাষাৰ গীতটো কণ্ঠদান কৰিছে জুবিন গাৰ্গে । গেংষ্টাৰ চলচ্চিত্ৰৰ ‘য়া আলী’ শীৰ্ষক গীতটোৰ বাবে ২০০৭ চনত জুবিনে গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা লাভ কৰে।

নিশা জুবিনৰ বাসগৃহত উপস্থিত হৈ অনুৰাগী সকলে কেক কাটি মৰমৰ শিল্পীগৰাকীক শুভেচ্ছা জনায়। তদুপৰি বুধবাৰে ‘আমাৰ ঘৰত’ উপস্থিত হৈ আইতাসকলৰ মাজতো আগতীয়াকৈ জন্মদিন পালন কৰিলে জুবিন গাৰ্গে।

আজি জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত শিল্পী গৰাকীয়ে নিজা এটা ইউটিউব চেনেল মুকলি কৰিব।

‘ইষ্ট ম’জ’ অসম’ৰ ফালৰ পৰাও জুবিনলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা। Happy Birth Day Zubeen Garg

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply