সামাজিক মাধ্যমত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিক লৈ সৰৱ চৰ্চাৰ মাজতে ২ জানুৱাৰীত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিজেই উদ্ধোধন কৰে নিজৰ প্ৰতিমূৰ্তি। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীৰ ৪ মাহ যোৰা প্ৰচেষ্টাত তৈয়াৰ হৈ উঠে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।

ডিগবৈৰ নাজিৰা টিঙৰ পৰ্যটন উৎসৱত উদ্ধোধন কৰা হয় ২০ ফুট উচ্চতাৰ জুবিনৰ প্ৰতিমূৰ্তি। ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ উদ্যোগতেই এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।

জুবিন গাৰ্গে নিজৰ প্ৰতিমূৰ্তি উদ্ধোধন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বিধায়ক সুৰেণ ফুকনক ধন্যবাদ জনোৱাৰ লগতে ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামী আৰু এই নিৰ্মাণ কামত জড়িত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply