নিউজ ডেস্কঃ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰে ৰাজ্যত ভয়াৱহ কৰি তুলিছে সামগ্রিক পৰিস্থিতি ৷
অক্সিজেন–বিছনাৰ অভাৱত দেশৰ বিভিন্ন প্রান্তত বহু ক’ৰোনা আক্রান্তই মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে অসমতো অতি উদ্বেগজনকভাৱে দ্রুতগতিত নিতৌ বৃদ্ধি পাইছে কৰোনাৰ সংক্রমণ ৷
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো কভিড ৰোগীৰ বাবে নাইকিয়া হৈ আহিছে বিচনা।
এইবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰীমা শইকীয়া গাৰ্গে লৈছে এক বিশেষ পদক্ষেপ।
তেওঁলোকৰ কাহিলীপাৰাস্থিত দুমহলীয়া আৱাসগৃহটো “কোভিড কেয়াৰ কেন্দ্ৰ” হিচাপে ব্যৱহাৰৰ বাবে চৰকাৰক দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে জুবিন দম্পতীয়ে।
বুধবাৰে নিশা গৰীমা শইকীয়া গাৰ্গে ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে প্ৰকাশ কৰিছে।
লগতে তেওঁ বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে কভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰক প্ৰদান কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে।