নিউজ ডেস্কঃ হাৰ্টথ্ৰব জুবিন গাৰ্গক বঙাইগাঁও জিলাত নিষিদ্ধ ঘোষণা। অনাগত দিনত জুবিন গাৰ্গে বঙাইগাঁৱত কোনো সংগীতানুষ্ঠান কৰিব নোৱাৰিব হুংকাৰ প্ৰদান আক্ৰাছুৰ।
জুবিন গাৰ্গে গোৱালপাৰাৰ এক সংগীতানুষ্ঠানত পৃথক কমতাপুৰৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰি মন্তব্য আগবঢ়াইছিল। যাৰ বাবে আজি আক্ৰাছুয়ে জুবিন গাৰ্গক বঙাইগাঁৱত নিষিদ্ধ ঘোষণা কৰিলে।
জানিব পৰা অনুসৰি, আগন্তুক ব’হাগ বিহুৰ বাবে বঙাইগাঁৱৰ দুটাকৈ স্থানত জুবিনৰ সংগীতানুষ্ঠানৰ বাবে চুক্তিবদ্ধ হৈ আছে।
কমতাপুৰ বিৰোধিতাৰ মন্তব্যৰ বাবে ক্ষমা নুখুজা পৰ্যন্ত জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা কৰিছে বুলি আক্ৰাছুয়ে জানিবলৈ দিছে।
উল্লখযোগ্য যে, কমতাপুৰৰ ৰাজ্য গঠনৰ বিৰোধিতা মন্তব্য কৰা পিছত সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কৈছিল যে, মই বৰ অসম বিশ্বাস কৰোঁ, ভাগ ভাগ হোৱাটো মই নিবিচাৰোঁ।
লগতে পঢ়ক – অখিল গগৈৰ জামিন ১৩ মাৰ্চলৈ বাহাল