নিউজ ডেস্কঃ সুস্থ হৈছে জুবিন গাৰ্গ। কাম কৰিবলৈ সাজু জনপ্ৰিয় কন্ঠশিল্পীগৰাকী। দৰাচলতে, কিছুদিন পূৰ্বে হঠাৎ অচেতন হৈ পৰাৰ পাছত জুবিন গাৰ্গক ভৰ্তি কৰা হৈছিল ডিব্ৰুগড়ৰ সঞ্জীৱনী চিকিৎসালয়ত।

ইফালে, যোৱাকালি নিশা ইনষ্টাগ্ৰামত জুবিন গাৰ্গে এটা পোষ্ট কৰে। পোষ্টটোত তেওঁ লিখিছে- “I am back home and ready to start work” অৰ্থাৎ মই ঘৰলৈ ঘূৰি আহিছো আৰু পুনৰ কাম কৰিবলৈ সাজু।

জুবিন গাৰ্গৰ এই পোষ্টটোত তেওঁৰ অনুৰাগীসকলে স্বাস্থ্য যতন লওঁক বুলি কমেন্ট কৰে। উল্লেখ্য যে, ডিব্ৰুগড়ৰ মনোহৰী ৰিজৰ্টত থকা অৱস্থাতে মঙলবাৰে প্ৰশ্ৰাৱগাৰত পিচল খাই মূৰত আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply