নিউজ ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক এনকাউণ্টাৰৰ ঘটনা। বৃহস্পতিবাৰে ৰঙিয়াত অসম আৰক্ষীৰ গুলীত আহত বহু কেইটা গোচৰত অভিযুক্ত এজন ডকাইত আহত হয়।
বৃহস্পতিবাৰে নিশা সংঘটিত উক্ত ঘটনাত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাওতেই আৰক্ষীয়ে গুলীচালনা কৰাত টিকলা ওৰফে চৰিফুল আলীৰ ভৰিত গুলী লাগে।
প্ৰাপ্ত তথ্য মতে কালি নিশা ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ পিতাম্বৰ হাত বজালীৰ টিকলা আৰু বাক্সাৰ সমীপৰ ধুবুনী বাগানৰ জিতু চৌধুৰী নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ পৰা সক্ৰিয় গুলীসহ এটা .৩২ পিষ্টল উদ্ধাৰ কৰিছিল।
দুয়োকে জেৰা চলাই ডকাইটি কাণ্ডত জড়িত আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা টিকলা ওৰফে চৰিফুলে পলাবলৈ চেষ্টা চলোৱাত তেওঁৰ ভৰিত গুলী কৰা হয়।
সম্প্ৰতী গুলীবিদ্ধ টিকলা চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আহত যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাত ৭ গৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী