কৰিমগঞ্জ: পৰিচয় পত্ৰৰ ফ’ট’কপি ব্যৱহাৰ কৰি ভুৱা চিমকাৰ্ড যোগাৰ কৰি অহা এটা চক্ৰৰ সৈতে জড়িত তিনিজন লোকক মঙলবাৰে কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হয়।

মঙলবাৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই জনোৱা মতে, ধৃত লোক কেইজনে এখন জেৰক্সৰ দোকানৰ পৰা ডকুমেন্টছৰ ফ’ট’কপি সংগ্ৰহ কৰি ডকুমেন্টছত থকা ব্যক্তিৰ নামত মোবাইলৰ চিমকাৰ্ড বনাই আহিছিল।

কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনক ফকৰুল ইছলাম, ৰাজেন দাস আৰু ইশান জালাল বুলি চিনাক্ত কৰা হৈছে।

‘কালি কৰিমগঞ্জত ভুৱা ডকুমেন্টছ দি বি এছ এন এলৰ চিমকাৰ্ড এক্টিভেত কৰাৰ বাবে ফকৰুল ইছলাম, ৰাজেন দাস আৰু ইশান জালালক আটক কৰা হৈছিল। উক্ত চিমকাৰ্ডসমূহ পিছত চোৰাং বজাৰত বিক্ৰী কৰা হয়,’ অৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়।

ধৃত তিনিওজনৰে ঘৰ কৰিমগঞ্জত। ইয়াৰে ইশান জালাল বি এছ এন এলৰ ৰিটেইলাৰ আৰু তেওঁ ভুৱা চিমকাৰ্ডসমূহ বনায়। পিছত উক্ত চিমকাৰ্ডসমূহক ৰাজেন দাসে দুষ্টচক্ৰক বিক্ৰী কৰে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত চলাই আছে।

লগতে পঢ়ক – নগাঁৱত নিষিদ্ধ ড্ৰাগছ সহ আটক দুটা সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply